
নগাঁওঃ জাতি, মাটি, ভেটিৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰে সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে৷ সমগ্ৰ ৰাজ্যজুৰি পঞ্চায়ত সমূহত আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি৷ চৰকাৰে উন্নয়নৰ শ্ল’গান লৈ পুনৰ ৰাইজৰ ওচৰ চাপিছে৷ চৰকাৰ গঠন কৰাৰ দুটা বছৰ পাৰ হ’ল যদিও সংবাদ মাধ্যমত বৰ বৰ কথা কোৱাৰ বাহিৰে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ সাধন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হয়৷
চৰকাৰখনে সমগ্ৰ ৰাজ্যখনক উন্নয়ন সাধন কৰাৰ বাবে উঠি পৰি লাগিছে বুলি এখন প্ৰতিচ্ছবি দেখুওৱাৰ চেষ্টা কৰি আহিছে যদিও প্ৰকৃত ছবি খন ওলোটাহে৷ আজিও গ্ৰাম্য অঞ্চলৰ বাট-পথৰ অৱস্থা জৰাজীৰ্ণ৷ গ্ৰাম্য অঞ্চল বাট-পথ সমূহ শৰালি-বাৰিষা খোজকাঢ়িব নোৱোৰা পৰিৱেশ আজিও৷ বহু পথত আজিও দলং নোহোৱাৰ ফলত ৰাইজে সমস্যাত পৰি আহিছে৷ ৰাজ্য চৰকাৰে গ্ৰাম্য সমাজ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কোটি কোটি টকা খৰচ কৰি আহিছে ঠিক তেনে সময়তে এচাম জনপ্ৰতিনিধিৰ বাবে যমৰ যাতনা ভূগিবলগীয়া হৈছে শ-শ লোকে।
নগাঁও জিলাৰ ৮৩ নং ধিং বিধান সভা সমষ্টিৰ অন্তৰ্গত সোনাইবেৰা শিমলুআটি গাঁও পঞ্চায়তৰ সোনাইবেৰা পামৰ পৰা গৰৈমাৰী পামৰ গাঁৱলৈ যোৱা প্ৰায় ৩০০ মিটাৰ দৈৰ্ঘ্যৰ সোনাইবেৰা বিলৰ ওপৰত থকা দুডাল বাঁহেৰে নিৰ্মিত সাঁকোৱেই এতিয়া যাতায়তৰ এক মাত্ৰ সম্বল।
বৃহত্তৰ সোনাইবেৰা অঞ্চলটোৰ গৰৈমাৰী পাম, ধিংগাঁও, বাটমাৰীৰ প্ৰায় কেইবা সহস্ৰাধিক ৰাইজে বসবাস কৰা গঞা ৰাইজৰ দুৰ্গতিৰ কথা সকলোৱে অৱগত যদিও আজিকোপতি কোনো জনপ্ৰতিনিধি, জিলা প্ৰশাসনে দলং খন নিৰ্মাণৰ বাবে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ যাৰ ফলত অঞ্চলবাসীয়ে স্বাধীনতাৰ ৭১ বছৰৰ পিছতো যাতায়াতৰ বাবে গভীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে।
প্ৰতি বছৰে বাৰিষা বিলখনত পানীৰে উপচি পৰাত বাঁহৰ সাঁকোৰে পানীয়ে ভাঙি ছিঙি দিয়াত যাতায়তৰ ব্যৱস্থা ব্যাঘাত জন্মে। যাৰ ফলত দুয়োখন গাঁৱৰ মাজত যাতায়তৰ সম্বল হৈ পৰে নাঁও আৰু কলৰ ভূৰহে মাথোন। বিশেষকৈ বিদ্যালয়, মাদ্ৰাছা, কলেজলৈ যোৱা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গঞাই মৰণত শৰণ দি যাতায়াত কৰিবলগীয়া হয়৷
প্ৰতি বছৰে বছৰে নিৰ্বাচনৰ আগে আগে ভোট ভিক্ষা মাগি কেৱল মাত্ৰ প্ৰতিশ্ৰুতিত আবদ্ধ থাকি নিৰ্বাচনী বৈতৰণী পাৰ কৰা এই জন জন প্ৰতিনিধি কোনো বাৰু? সততে ফেচবুক আৰু টক'ছ শ্ব' সমূহত ব্যস্ত থাকি নিজৰ জনপ্ৰিয়তা লাভ কৰি অহা এই জন বিধায়ক হৈছে আমিনুল ইছলাম৷ নতুন প্ৰযুক্তিৰে দুডাল বাঁহৰে নিৰ্মিত সাঁকোৰে যাতায়ত কৰা গাওঁবাসীৰ কথা ভাবিবনে ইউডিএফৰ বিধায়ক আমিনুল? সেয়ে অতি শীঘ্ৰে উক্ত ঠাইত এখন দলঙৰ ব্যৱস্থা কৰিবলৈ বৃহত্তৰ অঞ্চলবাসীয়ে সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনায়।