
কলিয়াবৰঃ বানৰ কবলত পৰি সকলো হেৰুওৱা নগাঁও জিলাৰ কলিয়াবৰৰ ৰাইজ ক্ষোভিত হৈ পৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷ এটুপি খোৱাপানী, অন্ন, বস্ত্ৰ, শিশুৰ খাদ্য, মহিলাৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে হাজাৰ ভুক্তভুগীয়ে৷ নিজৰ সপোনৰ ঘৰখন এৰি আশ্ৰয় শিবিৰত লৈছে হাজাৰ বানাক্ৰান্তই৷
সকলো হেৰুৱাই সৰ্ব্বশ্ৰান্ত হোৱা লোকসকলক ৰাজ্য চৰকাৰে দিয়া নাই পৰ্যাপ্ত সাহায্য৷ সত্তৰৰ দশকৰ পৰা প্ৰতিবছৰে বানত জীয়াতু ভুগি অহা কলিয়াবৰবাসীৰ প্ৰতি চকু দিবলৈ আহৰি নাই চৰকাৰ কিম্বা জনপ্ৰতিনিধিৰ৷ কলিয়াবৰবাসী ক্ষোভিত হৈ পৰাৰ সময়তে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক পত্ৰ প্ৰেৰণ কৰি পৰ্যাপ্ত সহায্য দিয়াৰ দাবী জনায়।
৭০ দশকৰ পিছত কলিয়াবৰ বাসী ভয়াৱহ বানৰ কবলত পৰি আহিছে। বানৰ কবলত পৰি বহু লোকৰ মৃত্যু হৈ অহাৰ লগতে লগতে পশু ধনৰো বিলৈ নোহোৱা হয়। বিভাগীয় বিষয়া কৰ্মচাৰী আৰু এচাম অসাধু ঠিকাদাৰে মিলি মথাউৰী মেৰামতিৰ লগতে স্থানীয় এলেকা উন্নয়নৰ নামত আৱন্টিত প্ৰায় ৬৪ লাখ টকা আত্মসাৎ কৰাৰো এক অভিযোগ উত্থাপিত হৈছে।
শীঘ্ৰে মাথাউৰি মেৰামতিৰ লগতে স্থানীয় এলেকা উন্নয়নৰ নামত আৱন্টিত ধন আত্মসাৎ কৰাৰ অভিযোগৰ তদন্ত কৰাৰ দাবী জনায় সংগঠনটোৱে৷ এই তদন্ত এক স্বচ্ছ প্ৰতিবেদন কলিয়াবৰ বাসী ৰাইজৰ আগত দাঙি ধৰিবলৈ দাবী জনায় জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷