নাওকাটাঃ ভূটানৰ বলীয়া বানে বিধ্বস্ত কৰি থৈ যোৱা বাগসা জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে কেইবাখনো নৈৰ ব্যাপক গৰাখহনীয়া। জিলাখনৰ ভোলাবটাবাৰীত ভূটানৰ পৰা বৈ অহা নাওবান্ধা নৈয়ে খহনীয়াৰ সৃষ্টি কৰি বহু পৰিয়ালৰ মাটি-ভেটি উছন কৰাৰ লগতে ভোলাবটাবাৰী-সুৱাগপুৰ পথছোৱা খহাই আতংকিত কৰি তুলিছে গাঁৱখনৰ লোকক।

যাৰ ফলত প্ৰাণৰ মমতাত গাঁৱখনৰ লোকে ঘৰ-বাৰী এৰি নিৰাপদ স্থানত অৱস্থান গ্ৰহণ কৰিবলগীয়া হৈছে।চৰকাৰ-স্থানীয় জনপ্ৰতিনিধিৰ সদ্দিচ্ছাৰ অভাৱত এতিয়া এইসকল লোকে পথৰ ভিক্ষাৰী হোৱাৰ উপক্ৰম হৈছে যদিও নৈখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ তথা বিয়াগোম জলসম্পদ বিভাগে।

বাৰে বাৰে গাঁৱখনৰ লোকক ভূটানৰ বলীয়া বানে ত্ৰাহি-মধুসুদন সোঁৱৰাই অহাৰ সময়তে পুনৰ খহনীয়াৰ সৃষ্টি হোৱাত নিৰূপায় হৈ পৰিছে নৈপৰীয়া ৰাইজ। বাৰে বাৰে চৰকাৰ জনপ্ৰতিনিধিৰ ওচৰত আবেদন-নিবেদন কৰিও সুফল নোপোৱা গাঁৱখনৰ লোকে চৰকাৰী পক্ষৰ পৰা আশ্বাসৰ বাহিৰে একো নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে।

মাত্ৰ নিৰ্বাচনৰ সময়তহে গুৰুত্ব লাভ কৰা গাঁৱখনৰ লোকে অতি শীঘ্ৰে নৈখনক প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট বিভাগক দাবী জনাইছে।