
মুকালমুৱাঃ সংখ্যালঘু সংগঠন আমছুৱে নিৰ্মাণ কৰা তোৰণৰ বেনাৰ-পোষ্টাৰ ফালি পেলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰী জিলাৰ মুকালমুৱাত৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ লাৰকুছিত এখন বিশাল সমাবেশ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলায়৷
সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে যোৱা কেবাদিন ধৰি সমাবেশৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশ গ্ৰহণ কৰিব লগা লোকক তথা কেন্দ্ৰীয় নেতাসকলক আদৰিবলৈ তোৰণ নিৰ্মাণ কৰে৷ সংগঠনটোৱে মুকালমুৱাৰ মূলপথত নিৰ্মাণ কৰা তোৰণখনত আৰি দিয়া বেনাৰ-পোষ্টাৰসমূহ ফালি পথাৰত দলিয়াই দিয়ে৷
শনিবাৰে নিশা দুৰ্বৃত্তই এই কাণ্ড সংঘটিত হয়৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, ডি-ভোটাৰৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আমছুৱে সমাবেশ অনুষ্ঠিত কৰে৷ সংগঠনটোৱে ইতিমধ্যে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ আমছুৰ কেন্দ্ৰীয় সমিতিৰ কেইগৰাকী নেতাই অংশ ল'বলগীয়া সমাবেশৰ কেইটামান ঘন্টাৰ পূৰ্বে এনে অবাঞ্চিত ঘটনা সংঘটিত হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷