
আমগুৰিঃ টোলগেট বহুৱাই অসমীয়াৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ বাবে তৎপৰ যদিও ঘাই পথ মেৰামতি কৰিবলৈ নিৰ্মাণ কৰিবলৈ আহৰি নাই NHAIৰ৷ পথ, দলং কত কি হৈছে সেয়াও নজৰ দিবলৈ সময় নাই NHAIৰ বিষয়া-অভিযন্তাৰ৷ অসমক লুটি-পুটি খোৱাত ব্যস্ত এইসকল বিষয়া-কৰ্মচাৰিয়ে লাখ লাখ টকা দৰমহা লৈ চকুমুদি থাকে৷ দলঙৰ তলৰ মাটি এফালৰ পৰা খহাই নিয়াত তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে ৰাষ্ট্ৰীয় ঘাই পথৰ এখন দলং৷
যি কোনো সময়তে বিঘ্নিত হ’ব পাৰে উজনি আৰু নামনিৰ যোগাযোগ ব্যৱস্থা। শিৱসাগৰ-যোৰহাট সীমান্তৰ জাঁজী নৈৰ ওপৰত থকা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলত সৃষ্টি হৈছে ভয়াৱহ গৰাখহনীয়া। কিছু দিন পুৰ্বে নেৰানেপেৰা বৰষুণ দিয়াৰ সময়ত নগাপাহাৰৰ পৰা বৈ অহা জাঁজী নৈৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছিল। বৰষুণ কমাৰ পিছৰে পৰা এই জলপৃষ্ঠ হ্ৰাস হ’ব ধৰে যদিও জাঁজী নৈৰ এই দলঙখনৰ পূৱ দিশৰ মথাউৰিত প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ্যৰ এক বৃহৎ ফাট মেলে।
কেৱল ফাট মেলাই নহয় ইতিমধ্যে নৈৰ বুকুত জাহ যোৱা গৈছে এটা অংশ। দলঙৰ পূৱ দিশৰ একমাত্ৰ পকী খুটাটোলৈ দুৰত্ব মাত্ৰ ৩ মিটাৰ মান হে বাকি আছে। এই পৰিপ্ৰেক্ষিতত যি কোনো মুহূর্তত এই দলংখনৰ পূৱ অংশটো খহনীয়াৰ কবলত পৰি ভাঙি যােৱাৰ আশংকা কৰিছে ৰাইজে৷ ইয়াৰ লগে লগে উজনি-নামনিৰ স্থলপথৰ যোগাযোগ বিঘ্নিত হোৱাৰো প্ৰবল আশংকাই দেখা দিছে। গৰাখহনীয়াই আশংকা কঢ়িয়াই আনিছে জাঁজী নৈপৰীয়া কেইবাটাও পৰিয়াললৈ। তাৰ পাছতো কিন্তু কাণসাৰ নাই বিভাগীটোৰ। বুধবাৰে AJYCP, আহোম জাতীয় গণ মঞ্চ, আমছুকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি শীঘ্ৰেই যথোচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।