মৰাণঃ বানৰ পাছত প্ৰবল গৰাখহনীয়াত পৰিছে ৰাজ্যৰ বহু অঞ্চল৷ বানৰ কবলত পৰি হাহাকাৰ কৰি থকা হাজাৰ হাজাৰ লোকৰ কৃষি ভূমি, তামোল-পাণৰ বাৰী মূল্যৱান গছ-গছনি গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে৷

ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ লেঙেৰী আৰু টিংখাং মৌজাত বুঢ়ীদিহিং নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অঞ্চলটোৰ কেইবা শ বিঘা কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাত আতংকিত হৈ পৰিছে কৃষক।

সমষ্টিটোৰ টিংখাং মৌজাৰ ধমন গাঁও পঞ্চায়তৰ অন্তৰ্গত চেঁচা নেপালী, ১নং কেন্দুগুৰি, ২নং কেন্দুগুৰি, ঐতিহাসিক আঘোণীবাৰীৰ লগতে লেঙেৰী মৌজাৰ শলগুৰি, কলবাৰী, নখাট গাঁও পঞ্চায়তৰ ভৰালী, ৰমাই লাচন গাঁও আৰু চহৰীকটা টেপগুৰি গাঁৱত খহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰিছে।

১৯৭৭ চনৰ পৰা খহনীয়াই চেঁচা নেপালী, ২নং কেন্দুগুৰি গাঁৱৰ কুৰিটাৰো অধিক পৰিয়ালৰ কৃষি ভূমিৰ লগতে বাসগৃহ নদীৰ বুকুত জাহ যায়। ১৯৭৭ চনৰ পৰা নৈৰ খহনীয়াত অঞ্চলটোৰ দুটাকৈ মথাউৰি সম্পূৰ্ণৰূপে নৈৰ বুকুত বিলীন হৈ যায়৷

বৰ্তমান নৈৰ অৱস্থিতি আৰু মথাউৰিৰ ব্যৱধান প্ৰায় শূন্য হৈ পৰিছে। মথাউৰি ৰক্ষাৰ ব্যৱস্থা নকৰিলে আঘোনীবাৰী বুঢ়ীদিহিঙৰ বুকুত বিলীন হৈ যোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে।