গহপুৰঃ গহপুৰৰ বৰতামুলী গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। পঞ্চায়তটোৰ লৌগুতি, সৰুতামুলি অঞ্চলত এতিয়া নৈৰ বুকুত জাহ গৈছে ঘৰ-বাৰী আৰু কৃষি ভূমি৷ দৈনিক ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি আৰু হ্ৰাস হৈ থকাৰ ফলত খহনীয়াই কালৰূপ ধাৰণ কৰিছে।

বিগত দুটা বছৰতকৈ চলিত বৰ্ষৰ দুটাকৈ বানৰ পাছত খহনীয়াই ভয়ংকৰ ৰূপ লৈছে। বাকৰিদলনি গাঁও পঞ্চায়তৰ বৰদলনিৰ পৰা কলিয়াঘাট হৈ লৌগুটি, সৰুতামুলি সংযোগী পথটো খহনীয়াত জাহ যোৱাত টুলুঙা নাঁৱেৰে যাতায়াত কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলবাসীয়ে।

কিন্তু তাৰ পাছতো ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লবলৈ আহৰি নাই ৰজাঘৰীয়াৰ৷ যাৰ ফলত ভূক্তভুগী ৰাইজ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে৷