বিহালীঃ বিহালী সমষ্টিৰ বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত জিনজিয়া চেন্টাৰৰ মাজমজিয়াত এজাক বৰষুণতে একাঠু পানী। অকল জিনজিয়া চেন্টাৰৰ মাজমজিয়াই নহয়, সমগ্ৰ কুহিয়াৰবাৰী-লালপানী হৈ বৰজাৰণী, জিনজিয়া, মিজিকা সংযোগী একমাত্ৰ পথটোত পুখুৰী সদৃশ গাত থকাৰ বাবেই এজাক বৰষুণতে একাঠু পানী হোৱা দেখা যায়।

এই বাট পথৰ দুৰৱস্থাই বাৰুকৈয়ে সমস্যাত পেলাইছে ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজক। এই পথচোৱা বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা হৈছিল। কিন্তু পৰিৱৰ্তনৰ শ্ল’গান দি ৰাজশাসন দখল কৰা পৰিৱৰ্তনকামী বিজেপি চৰকাৰে আজিকোপতি এই বাট পথ সমুহ পুণৰ নিৰ্মাণ নকৰাত আশ্বৰ্য্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

উল্লেখযোগ্য যে,  এই পথেদি টিকে ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকচন লিমিটেড নামৰ কোম্পানীটোৰ দৈনিক শতাধিক ডাম্পাৰ অহা যোৱা কৰাৰ ফলত বাট পথৰ অৱস্থা শোচনীয় হৈ পৰিছে।

ইফালে স্থানীয় ৰাইজে বিষয়টো স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক অৱগত কৰি জৰাজীৰ্ণ পথটো পুণৰ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছে।