বৰপথাৰ শান্তিপুৰঃ পৰিবৰ্তনৰ প্ৰতিচ্ছৱি এতিয়া নিতৌ অসমত দেখা পোৱা যায়৷ বানাক্ৰান্তক সাহায্য দিয়াত ব্যৰ্থ হোৱাৰ লগতে ৰাজ্য খনৰ উন্নয়ণ স্তব্ধ হৈ পৰে৷ বিষয়াক পুৰ্বৰ অভিজ্ঞতাক কামত খটুৱাবলৈ খোদ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাব লগা হৈছিল৷ ৰাজ্যত এতিয়া চৌদিশে হাহাকাৰ৷

তাৰ মাজতে এটি কালভাৰ্ট নিৰ্মণত গুৰুত্ব আৰোপ নকৰাত ৰাইজে ব্যাপক সমস্যাত পৰিছে৷ অভিযন্তা-বিষয়াই চকু নিদিয়াত পথত নিজ খেয়াল খুচিত যধে-মধে কাম কৰাত হাজাৰ হাজাৰ যাতায়তকাৰীয়ে বিপদত পৰিছে৷

বৰষুণ তথা পথ নিৰ্মাণকাৰী সংস্থাৰ অদূৰদৰ্শিতাৰ ফলত পুৰণা বৰপথাৰ নগাখুলিত নিৰ্মীয়মান কালভাৰ্টত আজি এখন ট্ৰাক সোমাই যাতায়াত ব্যাহত হৈ পৰে৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমা আৰু কাৰ্বি আংলং জিলাৰ শিলনীজান সংযোগী তথা ৩৯নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী পথটোত পুৱাৰে পৰা ব্যাহত হৈ পৰিছে যাতায়ত।