গোৰেশ্বৰঃ ৰাজ্যৰ কেইবা খনো জিলাত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে৷ নিতৌ বনৰীয়া হাতীয়ে মানুহক ঘৰ ভাঙিছে, খেতি পথৰাৰ তহিলং কৰাৰ লগতে ভড়ালৰ ধান নষ্ট কৰিছে৷ বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে এক প্ৰকাৰ ৰাজ্য খনত সন্ত্ৰাস চলাই গৈছে৷ শ-শ লোক নিদ্ৰাহৰণ হৈছে৷ তথাপিও যেন সাৰ পোৱা নাই ৰাজ্য চৰকাৰ৷ ৰাজ্যৰ ভিন্ন জিলাৰ লগতে বাস্কা জিলাৰ ভাৰত ভূটান সীমান্তৰ কেইবাখনো গাঁৱত হাতীৰ সন্ত্ৰাস অব্যাহত আছে৷ বেলি ডুবাৰ লগে লগে হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহি তাণ্ডৱ চলাই৷

বৰনদী অভয়াৰণ্য আৰু ভূটান পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে যোৱা প্ৰায় ৬ দিনে অৱস্থান কৰিছে গোৰেশ্বৰ ৰাজহ চক্ৰৰ নাওকাটাৰ নিজঝাৰগাওঁ, জাবাংপাৰ, চেনীগাও, বেটাগাও, নিজঝাৰগাঁও, ঔবাৰী, শুৱাগপুৰ, বাঙালীপাৰা আদি কেবাখনো গাঁৱত। হাতীৰ জাকটোৱে পথাৰৰ ধান খোৱাৰ লগতে কল, তামোল, কুঁহিয়াৰৰ বাগান আদিৰ বিস্তৰ ক্ষতি সাধন কৰে৷ ঘৰ বৰো ভাঙি বিস্তৰ ক্ষতি সাধন কৰে। ভূটানৰ পৰা বৈ অহা পুঠিমাৰী, শুক্লা নৈৰ কাষে কাষে থকা জাৰণি, হাবিত আশ্ৰয় লৈ থকা বন্যহস্থীৰ জাকটোৱে নিশা হ'লেই ঢাপলি মেলে খেতি পথাৰ আৰু জনবসতিলৈ।

জাকটোত কেইবাটাও পোৱালি থকা বুলিও প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিয়ে। মঙলবাৰে নিশা বাঙালীপাৰাত হাতীৰ জাকে শুই থকা এহাল দম্পত্তিক ঘৰৰ বেৰ ভাঙি আক্ৰমণ কৰে। দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে দম্পতিহালৰ। অনিল প্ৰাচায় নামৰ লোকজনৰ এখন মাৰুতি ভান ভঙাৰ লগতে চপাই থোৱা ধান আৰু ভৰাঁলঘৰৰ ধান খাই আঁতৰি হাতীৰ জাকটোৱে। পথাৰৰ কাটি থোৱা প্ৰায় ৩ বিঘা খেতিমাটিৰ ধান খাই ১ ঘণ্টাৰ পিছত আঁতৰি যায়।

দীপক চিটলা, টাৰা ভাণ্ডাৰী, ট্ৰিলোচন ভাণ্ডাৰী প্ৰায় ১০ বিঘা কলৰ খেতি হাতীৰ জাকটোৱে খাই লণ্ড ভণ্ড কৰে। বৰনদী অভয়াৰণ্যৰ ভিতৰভাগত বন্যহস্তীৰ খাদ্যৰ অভাৱ হোৱাৰ ফলত যোৱা কেইবাবছৰ ধৰি খাদ্য সন্ধানত বন্যহস্তী ওলাই অহাত অঞ্চলটোত হাতী-মানুহৰ সংঘাট বৃদ্ধি পাইছে। ইপিনে বন্যহস্তীৰ জাকে অঞ্চলটোত বিচৰণ কৰি সন্ত্রাসৰ সৃষ্টি কৰাৰ বিপৰীতে একাংশ লোকে হাতীৰ জাকটোক খেদি পঠিওৱাৰ নামত জাঠি-জোং জুই আদি ব্যৱহাৰ কৰি অনিষ্ঠ সাধন কৰাৰ শংকা বৃদ্ধি পাইছে৷