
তামুলপুৰঃ মেৰামতিৰ অভাৱত জহি-খহি যোৱা এখন কাঠৰ দলং শ্ৰমদানেৰে ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কিব লগা হয় বাক্সা জিলাৰ তামুলপুৰত৷
ৰাজ্য চৰকাৰ তথা বিটিচি প্ৰশাসনক কাঠৰ দলং মেৰামতি কৰাৰ দাবী উত্থাপন কৰি বাগৰি পৰি ৰাইজে অৱশেষত গাঁঠিৰ ধন ভাঙি নিজে মেৰামতি কৰে৷
বাক্সা জিলা তামুলপুৰ মহকুমাৰ অময়াপুৰৰ ৰাইজে কাঠৰ দলং খন মেৰামতি কৰে৷ দিমেলা নৈৰ ওপৰত থকা দলং খনৰ প্ৰায় খিনি কাঠ পচি নৈত পৰে৷
কিছু সংখ্যাক কাঠ দলং খনত লাগি আছে গাড়ী-মটৰটো দুৰৰ কথা মানুহ খোজকাঢ়ি যাব পৰিবেশ নাই৷ যাৰ ফলত ৰাইজে ঘৰে ঘৰে ধন সংগ্ৰহ কৰি দলং খন মেৰামতি কৰে৷ বহু বছৰ ধৰি ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল আদিয়ে জীয়াতু ভুগি আহিছে।
তামুলপুৰ-মুছলপুৰ পথৰ অময়াপুৰৰ কঠাৰ দলং খন মেৰামতি কৰিবলৈ বিধায়কে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
স্থানীয় ৰাইজে বিধায়ক ইমানুৱেল মোছাহাৰীক কেবাবাৰো আবেদন-নিবেদন কৰাৰ পিছতো কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷ আনহাতে স্থানীয় লোকে নিৰ্বাচন যোৱাৰ পিছৰে পৰা বিধায়ক ছাৰে আমাৰ ফালে খবৰ লবলৈ অহাই নাই বুলি অভিযোগ উত্থাপন কৰে৷