ছিপাঝাৰঃ ননৈ নৈৰ গৰাখহনীয়াত আতংকিত হৈ পৰিছে দৰং জিলাৰ হাপামাৰাৰ সেনাপতিপাৰাৰ ৰাইজ৷ বিগত ৮-৯ বছৰে গৰাখহনীয়াই তাণ্ডৱ চলাই আছে যদিও জলসম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷

খীৰতি গাইত পৰিণত হোৱা অঞ্চলটোত বিভাগটোৱে বছৰে বছৰে অস্থায়ী বাহৰ পাৰ্কুপাইন দি আহিছে যদিও ননৈ নৈৰ সোতে মুহূৰ্ততে তচনছ কৰে বাহৰ পাৰ্কুপাইন৷

নৈ আৰু মথাউৰিৰ দূৰত্ব প্ৰায় শূন্য হৈ আহিছে যদিও কানসাৰ নাই বিয়াগোম জলসম্পদ বিভাগটোৰ৷ অতি ভয়ানক অৱস্থাত থকা ননৈ নৈৰ মথাউৰি ছিঙি সমগ্র ছিপাঝাৰ সমষ্টি বানত ডুব যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷

বিগত দিন কেইটাত জলসম্পদ বিভাগে বালিৰ বস্তা দি খহনীয়া ৰোধৰ চেষ্টা চলাছে যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে বুলি স্থানীয় ৰাইজে জনাইছে৷ সেয়ে খহনীয়াৰ কবলৰ পৰা অঞ্চলটোক ৰক্ষা কৰিবলৈ চৰকাৰক দাবী জনাইছে শংকিত হৈ পৰা ৰাইজে৷