লালুকঃ বানৰ পাছত এইবাৰ গৰাখহনীয়াই সৰ্বশ্ৰান্ত কৰিছে ৰাজ্যবাসীক৷ ৰাজ্যৰ বিভিন্ন অঞ্চলত গৰাখহনীয়া মাটি-ভেটি উচন কৰা সময়তে পুনৰ গৰাখহনীয়াৰ কবলত পৰিছে বিহপুৰীয়াৰ ৰাজহ চক্ৰৰ ধুনাগুৰি৷ বানৰ তাণ্ডৱ লীলা শেষ হোৱাৰ পিছমুহূৰ্ততেই ধূনাগুৰিত সোৱণশিৰিৰ ভয়াবহ খহনীয়াই শ শ পৰিয়ালৰ মাজলৈ নমাই আনিছে হাহাকাৰ পৰিস্থিতি৷ 

আনহাতে বিনম্ৰ অনুৰোধ কৰাৰ পাছতো ৰাজ্যৰ জলসিঞ্চন বিভাগে অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা হাতত নোলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷ 

আজি গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত অঞ্চলটোৰ শতাধিক পৰিয়ালে সোৱনশিৰি নৈৰ পাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী, মূখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কৰ প্ৰতিকৃতি দাহ কৰি প্তিবাদ সাব্যস্ত কৰে৷ ৰাইজে পৰিবৰ্তনকামী চৰকাৰক ককৰ্থনা কৰি আৰু প্ৰধানমন্ত্ৰী, মূখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কৰ মূৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ 

অঞ্চলটোৰ খহনীয়ালৈ লক্ষ্য ৰাখি অতি সোনকালে ব্যৱস্থা হাতত লবলৈ ৰাইজে চৰকাৰক দাবী জনায়৷ অন্যথা নৈৰ বুকুতে এদিন ধূনাগুৰি নিঃচিহ্ন হৈ পৰিব বুলি স্থানীয় ৰাইজে শোক প্ৰকাশ কৰে৷