গুৱাহাটীঃ মুখ্যমন্ত্ৰীৰ কনভয়ৰ সন্মুখৰে পাৰ হোৱা এগৰাকী যুৱকক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীৰ মালিগাঁৱত৷

জানিব পৰা মতে, নলবাৰী জিলাৰ অপূৰ্ব ঠাকুৰীয়া নামৰ যুৱক এজনে কিছুসময় পূৰ্বে মালিগাঁৱৰ বৰিপাৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ৰ সন্মুখেৰে পাৰ হয়৷

কৰ্তব্যৰত আৰক্ষীয়ে যুৱকজনে তেনেদৰে পাৰ হৈ যোৱা দেখি দৌৰি গৈ গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে৷ আৰক্ষীৰ প্ৰহাৰত ঠাইতে ঢলি পৰে যুৱকজন৷ স্থানীয় লোকে গুৰুতৰভাৱে আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে৷

একাংশ লোকে আৰক্ষীৰ অমানৱীয় কাৰ্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰকাৰ গঠনৰ পাছতে ৰাইজৰ সৈতে যান-জঁটত ৰৈ দি চমক সৃষ্টি কৰা মুখ্যমন্ত্ৰীয়ৰ কনভয় পাৰ হওতে অসমীয়া যুৱকক মাৰধৰ কৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, দিল্লীৰ অনুষ্ঠিত নেডাৰ বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যলৈ উভতি অহাৰ সময়তে মালিগাঁৱত যুৱকজনে মুখ্যমন্ত্ৰীৰ কনভয়ৰ সন্মুখেৰে পাৰ হৈছিল৷