নামতিঃ শিৱসাগৰ জিলাৰ গেলেকী থানাৰ অন্তর্গত লক্ষ্মীজান চাহ বাগিচাত এগৰাকী চাহ শ্রমিকক বালাৎকাৰৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে। প্রাপ্ত খবৰ মতে, বৃহস্পতিবাৰে বিয়লি মণিকা কর্মকাৰ নামৰ মহিলা শ্রমিক গৰাকীয়ে লক্ষ্মীজান চাহ বাগিচাত চাহপাত চিঙি থকা অৱস্থাত একেখন বাগিচাতে কাম কৰা পণ্ডিত তাঁতি নামৰ শ্রমিকটোৱে বলপূর্বক শাৰীৰিক নির্যাতনৰ চেষ্টা চলায়।

লগে লগে মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত ঘটনা স্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে। ইফালে মহিলা শ্রমিক গৰাকীয়ে উক্ত ঘটনাৰ সন্দর্ভত এলেকাধীন গেলেকী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ আৰু ৫১১ ধাৰাত ১১৩/১৭ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি পণ্ডিত তাঁতিক গ্রেপ্তাৰ কৰি আজি জেললৈ প্রেৰণ কৰে।