29
Sep
2017

তুলসীবাৰীঃ দুৰ্গা উৎসৱৰ আজি চতুর্থ দিন৷ ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণ দিয়াৰ ফলত কিছু সময়ৰ বাবে পূজাৰ আনন্দ ম্লান পৰিছিছ যদিও ৰঙিয়া মহকুমাৰ তুলসীবাৰীত প্ৰতিকুল বতৰক নেওচি ৰাইজ ওলাই আহে পূজাস্থলীলৈ৷
শুকুৰবাৰে পুৱাৰে পৰা প্ৰতিকুল বতৰক নেওচি দেৱী দুৰ্গাৰ ভক্তই পূজা মণ্ডপত ভীৰ কৰা পৰিলক্ষিত হয়৷ হাতে হাতে পুস্পাঞ্জলী লৈ দেৱী দুৰ্গাৰ আশিষ কামনাৰে তুলসীবাৰী বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপ তথা মাহতলী বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপত জাতি, ধৰ্ম নিৰ্বিশেষে শ শ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়৷
মহা ধূমধামেৰে অঞ্চলটোৰ ইমুৰৰ পৰা সিমুৰলৈ ধৰ্মপ্ৰান ৰাইজে প্ৰবল বৃষ্টিপাতকো নেওচি হিল-দল ভাঙি দুৰ্গোৎসৱৰ ৰঙত ৰঙীন হৈ পৰে৷ ধৰ্মীয় কাৰ্যসুচীত কলিতা জনগোষ্ঠী সন্মিলন (অসম)ৰ সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিৰ লগতে অইন কেবাগৰাকী আমন্ত্ৰিত লোকে অংশ গ্ৰহণ কৰে৷