24
Jul
2017

বঢ়মপুৰঃ নিজ প্ৰেমিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়াৰ দৃশ্য কেমেৰাত বন্দী কৰি ৰঙাঘৰৰ আলহী হ’ল প্ৰেমিক৷ কোনো গোপন ঠাইত প্ৰেমিকাৰ সৈতে সম্পৰ্ক গঢ়ি বন্ধুৰ হতুৱাই দৃশ্যসমূহ মোবাইলত ৰেকৰ্ড কৰিছিল লম্পট যুৱকজনে।
এনেদৰে উক্ত ভিডি’অৰে প্ৰেমিকাক ব্লেকমেইলৰ চেষ্টা কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁৱৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত সোণাজুৰিৰ ভাস্কৰ ভৌমিজ আৰু তেওঁৰ বন্ধু সুমন পাল৷
বন্ধুৰ সহযোগত নিজ প্ৰেমিকাৰ লগত কটোৱা অন্তৰংগ মুহূৰ্ত মোবাইলত বন্দী কৰি যুৱতীগৰাকীক ব্লেকমেইল কৰিবলৈ চেষ্টা কৰোতেই সাহসী যুৱতীগৰাকীয়ে পৰিয়ালক অৱগত কৰে।
পৰিয়ালৰ লোকে শালনা আৰক্ষীৰ কাষ চাপে। যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি শালনা আৰক্ষীয়ে সোমবাৰে দুয়োজনকে আটক কৰে৷