লংকাঃ হোজাই জিলাৰ লংকা আৰক্ষীয়ে  নিশা লংকাৰ লস্কৰ পথাৰ অঞ্চলত এক অভিযান চলায় হস্তনিৰ্মিত বন্দুকসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।

নিশা প্ৰায় ২.৩০ বজাত হোজাই জিলাৰ আৰক্ষী অধীক্ষক তথা লংকা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এই অভিযান চলায়।

অভিযান কালত, লংকাৰ  দক্ষিণ লস্কৰ পথাৰৰ এঘৰ লোকৰ পৰা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰাৰ লগতে আব্দুল হামিদ আৰু আব্দুল চুবুৰ নামৰ দুজনক আটক কৰে।

বৰ্তমান আটকাধীন দুয়োজন লংকা আৰক্ষীৰ জিম্মাত আছে। আৰক্ষীয়ে ৫৮২/১৭ নম্বৰত এটা গোচৰ ৰুজু কৰি দুয়োকে সোধ-পোছ অব্যাহত ৰাখিছে।