newsnextone.com| লিডুঃ বিলাসী 'গাড়ীচোৰ পৰিল এইবাৰ আৰক্ষীৰ জালত৷ বহুদিনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত গাড়ী চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা গাড়ীচোৰ গেঙৰ দুজন সদস্যক যোৱা ১২ চেপ্তেম্বৰত জাগুন আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ জানিবলগীয়া তথ্য মতে গাড়ীচোৰ চক্ৰটোৱে যোৱা ১১ চেপ্তেম্বৰৰ তাৰিখে নাহৰকটিয়া জয়পুৰ তাতি পথাৰৰ পৰা প্ৰদ্যুম দেৱ নামৰ এজন ব্যক্তিৰ AS 2306BO659 নম্বৰৰ এখন ভান বাহনখন ঘৰৰ পৰা চিচা ভাঙি চুৰি কৰিছিল।

আনহাতে গাড়ীখন অন্তৰ্ধানৰ পাছতে গাড়ীখনৰ স্বত্ত্বাধিকাৰী প্ৰদ্যুম দেৱে স্থানীয় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।আনহাতে বাহনখনৰ গৰাকী প্ৰদ্যুম দেৱৰ  এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিৰন্তৰ অভিযান চলাই আজি অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুন কথাচেমা গাৱৰ পৰা চুৰি হোৱা AS 2306BO659 নম্বৰৰ ভান খন  উদ্ধাৰ কৰে৷ ইয়াৰোপৰি যোৱাকালি চুৰি সংঘটিত কৰা দোষী দুজনক  জাগুন আৰক্ষীয়ে আটক কৰে৷ ধৃত অভিযুক্ত দুজন ক্ৰমে দুলিয়াজান ভাদৈ পাঁচআলিৰ ৰঞ্জিত গগৈ (২৬) আৰু জয়পুৰৰ গোবিন্দ গগৈ (২৮) বুলি জানিব পৰা গৈছে৷ বৰ্তমান দুইজন অভিযুক্ত জাগুন আৰক্ষীৰ জিম্মাত৷