
কোকিলা/বাৰপূজীয়াঃ বানৰ পানী লাহে লাহে শুকাবলৈ লৈছে যদিও এতিয়াও বিপদে লগ এৰা দিয়া নাই বানাক্ৰান্তক। ৰাজ্যত ইতিমধ্যে কেইবাটাও শিশুৱে বাঢ়নী পানীত পৰি মৃত্যুক আকোৱালি লোৱাৰ সময়তে আজি পুনৰ প্ৰাণ ললে এটি এবছৰীয়া শিশু আৰু এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ৷
প্ৰাপ্ বাতৰি মতে, বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩নং বাশবাৰীত নিজ ঘৰৰ চোতালৰ কাষেৰে বৈ যোৱা নলাত পৰি মৃত্যু হয় এবছৰীয়া কেচুৱা আমিনা খাতুনৰ। পৰিয়ালৰ সদস্যসকলে শিশুটোক ঘৰত অকলে এৰি পথাৰত কাম কৰি থকাৰ সময়তে কেচুৱাটোৱে নলাত পৰে৷
মাকে ঘৰলৈ আহি কেচুৱাটোক বিচাৰি নাপাই অৱশেষত নলাত পৰি থকা প্ৰত্যক্ষ কৰে৷ ততাতৈয়াকৈ মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰৱা হয় যদিও চিকিৎসকে কেচুৱাটোক মৃত ঘোষণা কৰে।
আনহাতে মৰিগাঁও জিলাৰ ভূৰবন্ধাৰ খাটৰবড়ী অঞ্চলৰ সঞ্জীপ পাটৰৰ ১৪ বছৰীয়া কন্যা চিমৰন পাটৰে গা-ধুবলৈ গৈ অকাল মৃত্যুক আকোৱালি লয়৷ বান্ধবীৰ লগত দুপৰীয়া বাঢ়নী পানীত গা-ধুবলৈ গৈ কিশোৰীগৰাকীৰ সলিল সমাধি ঘটে৷