
প্ৰতিকী ফটো
নগাঁওঃ নগাঁও আৰক্ষীৰ জালত পৰিল চোৰাং চিকাৰীৰ লিংক মেন৷ গোপন সুত্ৰৰ পম খেদি ৰূপহীহাট আৰক্ষী আৰু STFৰ দলে অভিযান চলাই ৰূপহীহাটৰ পৰা গঁড় চিকাৰীৰে সৈতে সম্পৰ্ক অভিযোগত চহৰ আলি আৰু ইয়াচিন আলি নামৰ দুজন লোকক অস্ত্ৰ-শস্ত্ৰ সহিতে আটক কৰিবলৈ সক্ষম হয়৷
চহৰ আলি আৰু ইয়াচিন আলিৰ পৰা পৰা হস্ত নিৰ্মিত এটা কাৰ্বাইন, দুজাই সক্ৰীয় গুলি আৰু চাইলেঞ্চাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে হৈছে৷ ইয়াৰে চহৰ আলি চামগুৰি চিকিৎসালয়ৰ এজন কৰ্মচাৰী বুলি জানিব পৰা গৈছে৷ ৰূপহীহাট আৰক্ষী আৰু STFৰ দলে যুটীয়া ভাবে চলোৱা অভিযানত লাভ কৰে এই সফলতা৷