
newsnextone.com | ওদালগুৰিঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ কোচ ৰাজবংশী সন্মীলনীয়ে সোমবাৰে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ দাবীত ওদালগুৰি জিলাৰ উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷
ওদালগুৰি জিলাৰ উপায়ুক্তৰ কাৰ্যালয় চৌহদৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ কোচ ৰাজবংশী সন্মীলনীয়ে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কৰে প্ৰতিবাদী কাৰ্যসূচী৷
হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। কেন্দ্ৰীয় জনজাতি মন্ত্ৰী জুৱেল ওৰামে ছয় জনগোষ্ঠীক কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদস্থলীত শ্ল’গান প্ৰদান কৰা দেখা যায়। প্ৰতিবাদস্থলীত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী।
প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম হায় হায়, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, আমাক লাগে কমতাপুৰ, জুৱেল ওৰাম মুৰ্দাবাদ, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, ন’ এছটি ন’ ৰেষ্ট, বিজেপি চৰকাৰ মিছলীয়া, সৰ্বানন্দ সোনোৱাল ছেই ছেই, কেন্দ্ৰীয় চৰকাৰ হায় হায়, আমাৰ দাবী ন্যায্য দাবী আদি শ্ল’গান প্ৰদান কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
প্ৰতিবাদস্থলীত আক্ৰাছুৰ সভাপতি অতুল বৰ্মনে উপস্থিত থাকি কোচ ৰাজবংশী জনগোষ্ঠীটোৱে পৃথক কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন তথা জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীত বছৰ বছৰ ধৰি আন্দোলন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ পাছত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ভাষ্য প্ৰদান কৰিছে যে এটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ মাত্ৰ চাৰি বছৰ নহয় চল্লিশ বছৰৰ প্ৰয়োজন বুলি কৈ এই ভাষ্যক তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে বৰ্মণে৷
বৰ্মণে বিজেপিৰ বৰ্তমানৰ উভয় চৰকাৰে মিছলীয়া বুলি কৈ তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা ছয় মাহৰ ভিতৰত সমাধানৰ কথা উল্লেখ কৰিছিল যদিও চাৰিবছৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি এগৰাকী মন্ত্ৰীয়ে এনে ভাষ্য প্ৰদান কৰিছে। ইয়াৰ প্ৰতিবাদত আজিৰে পৰা কোচ-ৰাজবংশী জনগোষ্ঠীটোৱে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আৰু আগন্তুক সমস্যা সমাধান নোহোৱা পৰ্যন্ত এই কাৰ্যসূচী অব্যাহত থাকিব বুলি কয়।
ইফালে ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি থকাৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি বসবাস কৰি থকা কোচ-ৰাজবংশী লোকসকলক বিভিন্ন স্থানত হাৰাশাস্তি কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি তেওঁ এই চৰকাৰ দুখনে খিলঞ্জীয়া লোকসকলক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি মত ব্যক্ত কৰে। ছাত্ৰ সংগঠনটোৰ সভাপতিগৰাকীয়ে কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্ৱে কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে জনগোষ্ঠীটোৱে কোনো দলকে সমৰ্থন নকৰি বিকল্প ব্যৱস্থা হাতত লব বুলি কয়।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সদৌ কোচ-ৰাজবংশী সন্মীলনীৰ সভাপতি সুনীল কুমাৰ বৰ্মনে কয় যে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্ৱে নগাঁও জিলাৰ এখন নিৰ্বাচনী সভাত দেশৰ প্ৰধান মন্ত্ৰীয়ে নিৰ্বাচনৰ পাছত জনজাতিকৰণৰ সমস্যা সমাধান কৰাৰ কথা উল্লেখ কৰিছিল যদিও সেই সমস্যা আজিও সমাধান নহ'ল। সেয়েহে কোচ-ৰাজবংশী জনগোষ্ঠীটোৱে ওদালগুৰিৰ পৰাই জুই জ্বলিল আৰু এই জুইৰ শিখা সমগ্ৰ ৰাজ্যতে জ্বলিব৷ এই কথা উল্লেখ কৰি জনজাতিকৰণ নহ'লে ৰাজ্য জ্বলোৱাৰ হুংকাৰ প্ৰদান কৰে।
আনহাতে আগন্তুক নিৰ্বাচনসমূহত মিছলীয়া চৰকাৰখনক কোচ-ৰাজবংশী জনগোষ্ঠীটোৱে গাদীৰ পৰা ওফৰাই পেলাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰি প্ৰয়োজন হ'লে বিভিন্ন সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰদানৰ কথাও উল্লেখ কৰে। প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগঠন দুটাই স্মাৰক পত্ৰ প্ৰদান কৰে।