
newsnextone.com | ওদালগুৰিঃ ২০০৮ কিম্বা ২০১২ চনৰ সেই ভয়াবহ গোষ্ঠী সংঘৰ্ষৰ ভয়াবহ দিনবোৰ আজিও পাহৰিব পৰা নাই ওদালগুৰি জিলাবাসীয়ে। পুনৰ যেন ওদালগুৰিৰ পৰাই গোষ্ঠী সংঘৰ্ষ আৰম্ভ হোৱাৰ ইংগিত লাভ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ওদালগুৰি জিলা সমিতিয়ে। সেয়েহে সকলো ধৰণৰ পৰিস্থিতি প্ৰাৰম্ভিক পৰ্যায়তে নিয়ন্ত্ৰণৰ দাবী জনাই বুধবাৰে ওদালগুৰি আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে আমছুৰ ওদালগুৰি জিলা সমিতিয়ে।
স্মাৰক পত্ৰত সংগঠনটোৱে উল্লেখ কৰা মতে, বিগত ২১ মে'ত ওদালগুৰি জিলাৰ ডিমাকুচি আৰক্ষী চকীৰ অন্তৰ্গত বৰংগাজুলিত এচাম লোকে তাত বসবাস কৰা এটা এটা বিশেষ সম্প্ৰদায়ৰ লোকক উক্ত স্থানৰ পৰা আতৰি যোৱাৰ বাবে ভাবুকি প্ৰদান কৰাৰ লগতে সেই বিশেষ সম্প্ৰদায়ৰ কেইজনমান লোকক মাৰধৰ কৰিছিল।
লগতে তাত থকা শিক্ষানুষ্ঠান তথা মোক্তব ক্ষতিগ্ৰস্থ কৰি দুৱাৰ খিৰিকী লণ্ড ভণ্ড কৰিছিল। ইয়াৰোপৰি একাংশ লোকক মৃত্যুৰ ভাবুকি দিয়াৰ লগতে বাসস্থান সমূহ জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰিছিল বুলি স্মাৰক পত্ৰ খনত সংগঠনটোৱে উল্লেখ কৰে।
ইপিনে স্থানীয় লোকে অভিযোগ কৰি কৈছিল যে উক্ত লোকসকল প্ৰথমে নিৰ্মাণৰত অৱস্থাত থকা ওদালগুৰি-তামুলপুৰ ৰোডৰ দাঁতিত আছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক পথ নিৰ্মাণৰ বাবে উচ্ছেদ কৰা হৈছিল। তাৰ পাছত সেই লোকসকলে বৰংগজুলিস্থিত এটি নিজৰাৰ পাৰত বসতি কৰি নিজৰাৰ পানী দূষিত কৰি আহিছিল।
উক্ত স্থানত এক এক পৰ্যটনস্থলী নিৰ্মাণৰ স্বাৰ্থত লোকসকলক তাৰ পৰা উঠি যাবলৈ আহ্বান জনোৱাত স্থানীয় ৰাইজ আৰু বসতি কৰা লোকসকলৰ মাজত হতাহতিৰ সৃষ্টি হয়। ইয়াৰ পাছত স্থানীয় জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। কিন্তু আমছুৱে কয় যে এগৰাকী ৰাজনৈতিক নেতাৰ ষড়যন্ত্ৰৰ বাবে সমগ্ৰ ঘটনাটো সংঘটিত হৈছে।
এনে নেতাৰ উচটনিমূলক বক্তব্যৰ দ্বাৰা ভৱিষ্যতে যাতে গোষ্ঠী সংঘৰ্ষৰ দৰে ঘটনা সংঘটিত নহয় তাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ বিচাৰি কেইবাটাও দাবী উত্থাপন কৰে। সংগঠনটোৰ দাবী অনুসৰি ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি প্ৰদান কৰা, তাত বসবাস কৰা লোকসকলৰ উচ্ছেদ বন্ধ কৰি সুৰক্ষা প্ৰদান কৰা, ৰাজনৈতিক নেতাই সাম্প্ৰদায়িক আৰু গোষ্ঠী সংঘৰ্ষৰ উচটনিমুলক বক্তব্য বন্ধ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি জিলা সভাপতি-সম্পাদক ফুলমামুদ আলী-মহিবুল ইছলামে জিলা আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙক স্মাৰক পত্ৰ প্ৰদান কৰে।