newsnextone.com| ওদালগুৰিঃ এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা ৪০ লক্ষাধিক লোকৰ নাম বাদ পৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। এনে সময়তে এন আৰ চিৰ ৫ বিধ সমৰ্থিত তথ্য হ্ৰাস কৰাৰ বাবে এন‌আৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই মহামান্য উচ্চতম ন্যায়ালয়ক আবেদন জনোৱা ঘটনাত জাঙোৰ খাই উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। ইয়াৰ প্ৰতিবাদত আজি ওদালগুৰি জিলা আমছুৱে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অবস্থান গ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে জিলা আমছুৰ শতাধিক কৰ্মী। 

আমছুৰ জিলা সভাপতি ফুল মামুদ, সাধাৰণ সম্পাদক মহিবুল ইছলাম আৰু আইনুল হকৰ নেতৃত্বত ৰূপায়ন কৰা এই কাৰ্যসূচীত অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, এন আৰ চিৰ পূৰ্ব নথিসমূহ বাহাল থাকক ইত্যাদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী আমছুৰ কৰ্মীসকলে। সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সংগঠনটোৰ জিলা সাধাৰণ সম্পাদক মহিবুল ইছলামে সাংবাদিকৰ সন্মুখত দিয়া আছুতীয়া সাক্ষাৎকাৰত কয় যে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এন‌আৰচিৰ ৫ বিধ সমৰ্থিত তথ্যক হ্ৰাস কৰিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন কৰা বুলি জানিব পৰা গৈছে।

যি কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে। এয়া গৰিহণাৰ যোগ্য। বৰ্তমানলৈ চূড়ান্ত খচৰাৰ নাম অন্তৰ্ভুক্ত হোৱা আৰু বাদ পৰা সকলৰ বাবে কোনো পৃথক পৃথক নিয়ম হ’ব নোৱাৰে। চূড়ান্ত খচৰাত অন্তৰ্ভূক্ত হোৱা লোকসকলৰ ক্ষেত্ৰত যিসমূহ সমৰ্থিত নথি প্ৰযোজ্য আছিল বাদ পৰাসকলৰ বাবেও একে নথি প্ৰযোজ্য থাকিব লাগিব। আনহাতে তেওঁ কয় যে আছু-আমছুকে ধৰি কেইবাটাও দল-সংগঠনৰ সৈতে হোৱা আলোচনাৰ পাছতহে এন‌আৰচিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো অব্যাহত আছে। তেনেস্থলত কাৰ সৈতে আলোচনা কৰি বা কাৰ হেচাঁত ৰাজ্যিক সমন্বয়ক গৰাকীয়ে উচ্চতম ন্যায়ালয়লৈ উক্ত আৱেদন কৰিলে সেই বিষয়টো সন্দৰ্ভত হাজেলাক স্পষ্টীকৰণ দিবলৈ আমছুৱে দাবী উত্থাপন কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত আমছুৰ নেতৃত্বই ওদালগুৰিৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ মহা পঞ্জীক্ষকলৈ ১৫ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।