19
Feb
2019

ডিমাকুছিঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণকৌশল আৰম্ভ কৰিছে কংগ্ৰেছ দলে৷ ইতিমধ্যে কংগ্ৰেছ সভাপতি ৰিপুন বৰাই এক নিৰ্দেশ যোগে ওদালগুৰি জিলাৰ কলাইগাঁও, পানেৰি, মাজবাট আৰু ওদালগুৰিত প্ৰভাৰী নিযুক্তি দিয়ে৷
ওদালগুৰিত কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক দুৰ্গাদাস বড়ো, মাজবাটত প্ৰভাত দাস পাণিকা, পানেৰিত কমল আজাদ আৰু জিয়াওৰ ৰহমান হাজৰিকাক এক নিৰ্দেশ যোগে দলৰ সাংগঠনিক কামকাজ অধিক বৃদ্ধি কৰি নিৰ্বাচনৰ প্ৰস্তুতি চলাবলৈ জনোৱা বুলি ওদালগুৰি জিলা কংগ্ৰেছৰ যুৱ বিগ্ৰেডৰ কমল আজাদে এক বিবৃতিত জনায়৷