ওৰাংঃ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ উন্নয়ণৰ বাবে ন’ ন’ আঁচনি ৰূপায়ণ কৰিলেও গ্ৰাম্য অঞ্চলত স্বাস্থ্য খণ্ডৰ এটা দূখ লগা ছবি দেখা যায়৷

তাৰ মাজতে  মঙলবাৰে পুৱা ওদালগুৰি জিলাৰ ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বাচু মাহাটোৱে প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ নিজৰ শাৰীৰিক অসুস্থতা অনুভব কৰি ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় যদিও চিকিৎসালয়ত মোক বচোৱা বচোৱা বুলি চিঞৰি থকাৰ পাছতো কোনো লোকে গুৰুত্ব প্ৰদান নকৰাত শিক্ষকগৰাকীয়ে মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ 

ইতিমধ্যে এই ঘটনাক দল-সংগঠনে গৰিহণা দিছে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ওৰাং আঞ্চলিক সমিতি আৰু আটছাৰ ওৰাং শাখা সমিতিয়ে ঘটনাক গৰিহণা দি ৰাজপথ উত্তাল কৰি তোলে৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি ঘটনাৰ তদন্ত কৰাৰ দাবী জনয়৷ আনহাতে দোষী চিকিৎসকক শীঘ্ৰে আটক কৰি শাস্তি প্ৰদানৰ দাবী জনায়৷ 

পৰিৱৰ্তনৰ নামত ফোপোলা স্বৰূপহে দেখা দিছে স্বাস্থ্য বিভাগৰ৷ মিডিয়া-ভাষণত কৈ থাকি লাভ নাই৷ প্ৰেক্টিকেলি কাম কৰি দেখুওৱাক মন্ত্ৰীয়ে৷ এনেদেৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আটছাৰ নেতাই৷ 

পুৱাই বিনা চিকিৎসাই এগৰাকী শিক্ষকগৰাকীৰ মৃত্যু হোৱাৰ পাছতেই উত্তাল হৈ পৰিছে ওদালগুৰি জিলাৰ ওৰাং অঞ্চল৷ প্ৰায় এঘন্টা ধৰি ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বাৰান্দাত চিঞৰি চিঞৰি বাচু মাহাটো নামৰ শিক্ষকজনৰ মৃত্যু হয়৷ 

চিকিৎসালৰ কোনো লোকে চাবলৈ ওলাই নাহিল শিক্ষকজনক৷ চিকিৎসালয়ৰ সমীপৰ মহিলা চাহ দোকানী এগৰাকীয়ে চিকিৎসালয়ত উপস্থিত হৈ শিক্ষক বাচু মাহাটো বাৰান্দাত পৰি থকা প্ৰত্যক্ষ কৰে৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতেই স্থানীয় সংগঠন সমূহ ক্ষোভিত হৈ ৰাজ পথলৈ ওলাই আহে৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি ঘটনাৰ তদন্ত কৰি দোষী চিকিৎসকক শাস্তি প্ৰদানৰ দাবী জনায়৷

পথেৰে আহ-যাহ কৰি থকা লোকেও শিক্ষক জনৰ চিঞৰ শুনিছিল৷ কিন্তু ব্যস্ত পৃথিৱীত কাৰোৰে আহৰি নহল শিক্ষকজনক সহায় কৰিবলৈ৷ চিকিৎসালয়ৰ পৰা কোনো এজন লোক ওলাই নহাৰ ফলত চিকিৎসাৰ অভাৱত চিঞৰি চিঞৰি মৃত্যুক আকোৱালি লোৱা শিক্ষকজনৰ মৃতদেহ চিকিৎসালয়ৰ বাৰান্দাৰ পৰা পৰিয়ালৰ লোকে ঘৰলৈ আনে৷

ঘটনাই ওৰাং অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ওৰাং সামূহিক চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কৰ্তৃব্যত গাফিলতি কৰাৰ অভিযোগ পুৰণি৷ কিন্তু এইবাৰ সকলো সীমা অতিক্ৰম কৰিলে৷ এই ঘটনাক ৰাইজে সহজ ভাবে লব পৰা নাই। চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে পৰিচালনা সমিতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাইজে।