
newsnextone.com | ওদালগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ বাংলাদেশৰ হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ ভাৰত চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি শনিবাৰে ওদালগুৰিত গণ স্বাক্ষৰ সংগ্ৰহ কৰে প্ৰৱজন বিৰোধী ঐক্য মঞ্চই৷
নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে খিলঞ্জীয়াৰ ভূমি অধিকাৰ নিশ্চিত কৰাৰ দাবী জনায় প্ৰৱজন বিৰোধী ঐক্য মঞ্চৰ ওদালগুৰি সমিতিয়ে৷ সংগঠনটোৱে শনিবাৰৰ পৰা গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসমীয়া যুৱ মঞ্চই সহযোগ কৰে গণ স্বাক্ষৰ অভিযানত। স্বাক্ষৰ সমূহ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিব৷