
newsnextone.com | ওদালগুৰিঃ সময়ে সময়ে ৰাজ্যৰ ৰেল যাত্ৰীসকলে ৰেল ষ্টেচন আৰু চলন্ত ৰেলত নিৰাপত্তাহীনতাত ভোগাৰ কথা প্ৰচাৰ হৈ আহিছে৷ যাত্ৰীক লুটি নিয়া, চুৰি কৰা যৌন নিৰ্যাতন চলোৱাৰ দৰেও ঘটনা সংঘটিত হয়৷ এইবাৰ পোহৰলৈ আহিছে তেনে এটা ৰেল ষ্টেচন৷ ওদালগুৰি জিলাসদৰস্থিত একমাত্ৰ ৰেল ষ্টেচনত এতিয়া কোনো কাৰণতে ৰেলযাত্ৰীসকল সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হয়৷
ষ্টেচনটোত নিশাতো দুৰৰ কথা, দিনতেই বৃদ্ধি পাবলৈ ধৰিছে চুৰি তথা ধন লুটৰ ঘটনা। ইয়াৰ পিছতো ষ্টেচনটোত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী প্ৰদান কৰা নাই ৰেল কৰ্তৃপক্ষই। ওদালগুৰিৰ বিভিন্ন সচেতন ৰাইজ তথা ছাত্ৰ সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে যদিও কানসাৰ নাই ৰেল কৰ্তৃপক্ষৰ। ৰেল ষ্টেচনটোৰ বিভিন্ন সমস্যাৰ কথা অৱগত কৰা হৈছিল ষ্টেচনটো পৰিদৰ্শন কৰিবলৈ অহা উত্তৰ-পূৱ সীমান্ত ৰেলৰ ঊৰ্দ্ধতম কৰ্তৃপক্ষকো।
কিন্তু ইয়াৰ পাছতো ষ্টেচনটোৰ সমস্যাসমূহ সমাধানৰ ওপৰত কোনো গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। বৰ্তমান ষ্টেচনটোত নিৰাপত্তাৰক্ষী শূন্য বুলি ক'লেও ভুল বুলি কোৱা নহ’ব। নিৰাপত্তাৰক্ষী নথকাৰ সুযোগ লৈ সন্ধিয়া হ'লেই ষ্টেচনটোত প্ৰৱেশ ঘটে একাংশ সুৰাপায়ী যুৱকৰ। কেৱল এয়াই নহয়, প্লেটফৰ্মৰ দুয়োকাষে আন্ধাৰৰ সুযোগ লৈ যুৱকসকলে বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।
প্ৰতিদিনে দিনে নিশাই ষ্টেচনটোৰ মাজেৰে প্ৰায় দহৰো অধিক ৰেল চলাচল কৰে। ফলত নিৰাপত্তাৰক্ষীৰ অভাৱত নিশা অধিক নিৰাপত্তাহীনতাত ভোগে ৰেলযাত্ৰীসকল। পূৰ্বেও নিশা অচিনাক্ত সুৰাপায়ী যুৱকে ষ্টেচনটোত প্ৰৱেশ কৰি ষ্টেচন কৰ্তৃপক্ষক মাৰধৰ কৰাৰ লগতে ষ্টেচনটোৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ ঘটনা সংঘটিত হৈছে যদিও ইয়াৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৰেল বিভাগে।
আনহাতে বৰ্তমান সময়ত প্ৰতিদিনে ষ্টেচনটোত বৃদ্ধি পাইছে মোবাইল ফোন চুৰিৰ লগতে ধন লুটি নিয়াৰ ঘটনা। এই বিষয়ে ষ্টেচন কৰ্তৃপক্ষক একাংশ ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে। কিন্তু ৰেল আৰক্ষীৰ অভিযোগ কক্ষ টংলা ষ্টেচনৰ সমীপত থকাৰ বাবে যাত্ৰীসকলৰ মাজত সমস্যাৰ সৃষ্টি হৈছে। আনহাতে দূৰণিবটীয়া ৰেল চলাচল কৰা ষ্টেচনটোত নাই এটিএমৰ ব্যৱস্থা। বেংক কৰ্তৃপক্ষই ৰেলষ্টেচনটোত এটি এটিএমৰ ব্যৱস্থা কৰাৰ কথা বহুদিন আগত জনাইছিল যদিও আজিপৰ্যন্ত প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। চৰম নিৰাপত্তাহীনতাৰ মাজেৰে সময় পাৰ কৰিছে ওদালগুৰি ৰেল ষ্টেচনৰ যাত্ৰীসকলে। হয়টো কোনো ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতহে গা লৰিব ৰেল কৰ্তৃপক্ষৰ।