
newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে৷ বিজেপিয়ে পিডিপিৰ সংগ এৰাৰ লগে লগে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে আৰু মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে পদত্যাগ কৰে৷ তাৰ পিছতে বিভিন্ন ৰাজনৈতিক দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ মহাৰাষ্ট্ৰ আঞ্চলিক দল শিৱ সেনাৰ নেতা উদ্ধৱ থাকৰেই প্ৰতিকিয়া ব্যক্ত কৰি ৬০০ জোৱান শ্বহীদ হোৱাৰ পিছতহে বিজেপিয়ে বুলি হিজেপিক আক্ৰমণ কৰে৷
উদ্ধৱ থাকৰেই কয় ‘‘৩ বছৰ ৫ মাহৰ পিছতহে ৬০০ জোৱান শ্বহীদ হোৱাৰ অন্তত বুজি পালে বিজেপিয়ে৷ বিজেপিয়ে ৩ বছৰ ৫ মাহৰ পিছতহে ৬০০ জোৱান শ্বহীদ হোৱাৰ অন্তত পিডিপিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব লাগে বুলি গম পালে৷ কেতিয়া জানিব চৰকাৰ কেনেদৰে চলে৷ আপোনালোকে কেনেদৰে ইমান দীৰ্ঘ সময় পাৰ কৰিলে৷’’