গুৱাহাটীঃ টিউনিছিয়াৰ এজন চফল ডেকা। দিনে ১৮ ঘণ্টাকৈ কম্পিউটাৰৰ সমুখত বহি ব্যস্ত হৈ পৰিছিল এটা ফেচবুক পেজক লৈ। তাৰ পৰাই আৰম্ভ হৈছিল এক বিপ্লৱৰ। গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত লাখ লাখ যুৱক-যুৱতী ওলাই আহিছিল ৰাজপথলৈ। একনায়কত্বাদী চৰকাৰে ফেচবুক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি হাজাৰ হাজাৰ ফেচবুক একাউণ্টৰ পাছৱৰ্ড হস্তগত কৰিও বন্ধ কৰিব পৰা নাছিল বিপ্লৱৰ অগনি।

ফেচবুকৰ জৰিয়তে আৰম্ভ হোৱা টিউনিছিয়াৰ বসন্ত বিপ্লৱৰ পিছৰখিনি এতিয়া সফল ইতিহাস। টিউনিছিয়াৰ দৰেই এতিয়া নিজৰ বিদ্ৰোহ আগুৱাই নিবলৈ ছ’চিয়েল মিডিয়াৰ শৰণাপন্ন হৈছে নেকি আলফা স্বাধীন? বিদ্ৰোহী সংগঠনটোৰ শেহতীয়া কাম-কাজে তেনে এক ইংগিতেই বহন কৰিছে।

কিছুদিন পূৰ্বে সংগঠনটোত যোগ দিছিল দেৰগাঁৱৰ এজন ছাত্ৰ নেতা। সংগঠনটোত যোগ দিয়েই ফেচবুকত এটা ভি ডি অ’ আপলোড কৰিছিল পংকজ প্ৰতীম দত্ত নামৰ যুৱকজনে। আৰু বহুজনক সংগঠনটোত যোগ দিবলৈ আৱেগিক কৰি তোলা উক্ত ভি ডি অ’টো মুকলিকৈয়ে শ্বেয়াৰ কৰে কেইবা হাজাৰ ফেচবুক ইউজাৰে।

সংগঠনটোত যোগ দিয়া ছাত্ৰ নেতাজনে ফেচবুকত ভি ডি অ’ আপলোড কৰাৰ লগতে সংগঠনটোৰ আন বহু সদস্যৰে ফেচবুকত ছদ্মনামত একাউণ্ট থাকিব পাৰে বুলি নেটিজেনসকলৰ মাজত চৰ্চা চলা দেখা গৈছে। বিশেষকৈ 'অসম’ উপাধি থকা প্ৰফাইল নামৰ একাধিক নতুন একাউণ্ট ফ্ৰেইণ্ড ছাজেশ্যন হিচাপে বহু ফেচবুক ইউজাৰৰ টাইমলাইনত বিগত ৬-৭ মাহত জিলিকি উঠিছে। 

'অসম’ উপাধি থকা এনে একাউণ্টসমূহৰ অধিকাংশৰে প্ৰফাইল ফটো ধূসৰ। ক'ভাৰ ফটোত আছে উদিত সূৰ্যৰ সৈতে সাদৃশ্য থকা ছবি। আনহাতে পোষ্টসমূহৰ বিষয়বস্তু হৈছে ইয়াণ্ডাবু সন্ধি, অসমৰ গুণগান, অসমৰ ঐতিহ্য, অসমৰ স্বাভিমান, স্বাধীন অসম আদি। আচৰিত ধৰণে উক্ত পোষ্টসমূহ মুকলিকৈ শ্বেয়াৰ কৰিছে ভিন্নজনে।

ইমানেই নহয়, দিনদিয়েক পূৰ্বে আলফা স্বাধীনত যোগ দিয়া পৰেশ বৰুৱাৰ ভতিজাক মুন্নায়ো সংগঠনত যোগ দিয়াৰ পূৰ্বে ফেচবুকৰ জৰিয়তেই এই সম্পৰ্কত যোগাযোগ কৰিছিল বুলি অনুমান কৰা হৈছে। সংগঠনত যোগ দিয়াৰ পূৰ্বেও মুন্নাই নিজৰ টাইমলাইনত নিয়মীয়াকৈ আপলোড কৰিছিল স্বাধীন অসম তথা আলফা সম্পৰ্কীয় একাধিক পোষ্ট। তালৈ চাই বহুতে মুন্নাই ফেচবুকৰ জৰিয়তে সংগঠনটোৰ সক্ৰিয় সদস্যৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল বুলিও বন্ধু মহলে মন্তব্য কৰা দেখা গৈছে।

উল্লেখ্য যে, আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ উৰাবাতৰি চলাৰ দিনটোতো সেয়া সম্পূৰ্ণৰূপে অসত্য বুলি দাবী কৰি একাধিক নতুন নতুন ফেচবুক একাউণ্টৰ গৰাকীয়ে পোষ্ট কৰা দেখা গৈছিল। সংগঠনটোৱে যে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত অধিক সক্ৰিয় হৈ পৰিছে ই তাৰেই ইংগিত বহন কৰিছে বুলিও বহুতে ক’ব খোজে।

পৰেশ বৰুৱাৰ মৃত্যুৰ উৰাবাতৰি ওলোৱাৰ পূৰ্বে সংগঠনটোৱে নিজৰ নামত ফেচবুকত এটা একাউণ্ট খোলাৰ খবৰো পোহৰলৈ আহিছিল। পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ চাইবাৰ চেলে ফেচবুক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি একাউণ্টটো বন্ধ কৰি দিয়ে। ইয়াৰ পিছতে এতিয়া ছ’চিয়েল মিডিয়াত মুকলিকৈ আত্মপ্ৰকাশ কৰাৰ পৰিৱৰ্তে ভিন্নৰূপত সক্ৰিয় হৈ উঠিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিদ্ৰোহী সংগঠনটোৱে।

ছ’চিয়েল মিডিয়াত সংগঠনটো ভিন্নৰূপত সক্ৰিয় হৈ পৰাৰ লগে লগে অসমৰ হাজাৰ হাজাৰ নেটিজেনো ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছে। ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পিছতে দেশৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰত মাতা কী জয় ধ্বনি অধিক জনপ্ৰিয় হৈ পৰা অসমতো বিগত কেবামাহ ধৰি নেটিজেনসকলৰ মাজত পুনৰ পূৰ্বৰ দৰেকৈ শুনা গৈছে জয় আই অসম ধ্বনি। আনকি হাজাৰ হাজাৰ নেটিজেনে এতিয়া মুকলিকৈয়ে ছ’চিয়েল মিডিয়াত 'আলফা জিন্দাবাদ’ লিখিবলৈকো কুণ্ঠাবোধ কৰা নাই। 

এনে পৰিপ্ৰেক্ষিতত টিউনিছিয়াত যিদৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিপ্লৱ গঢ়ি উঠিছিল ঠিক তেনেদৰে অসমতো বিদ্ৰোহী সংগঠনটোৱে যুৱ প্ৰজন্মক সংগঠনটোৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট কৰিবলৈ এনে পন্থা হাতত লৈছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। সদ্য সমাপ্ত উত্তৰ-পূব গ্ৰন্থমেলাত নতুন প্ৰজন্মই বিপ্লৱী চিন্তা-চেতনাৰে পৰিপুষ্ট গ্ৰন্থ ক্ৰয় কৰি তাৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰাটোৱেও বহন কৰিছে আন এক ইংগিত। বিদ্ৰোহী সংগঠনটোৰ এই নতুন ৰণনীতিক এতিয়া চৰকাৰ প্ৰাশাসনে কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।