ফিল'বাৰীঃ অসম আৰক্ষীয়ে এগৰাকী আলফাৰ মুল্য নিৰ্ধাৰণ কৰিছে ৫ লাখ টকা৷ অসমৰ আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছে আলফা নেতা ৰূপম অসম৷ যাৰ বাবে তিনিচুকীয়াৰ আৰক্ষীয়ে পোষ্টাৰ মাৰিব লগা হৈছে ৰূপমক বিছাৰি৷ নিৰ্ধাৰণ কৰিব লগা হৈছে মুল্য৷ মষ্ট ৱান্টেড আলফা (স্বা)ৰ শীৰ্ষ নেতা ৰূপম অসম ওৰফে শ্ৰীকান্ত বৰা ওৰফে কালিয়াৰ মুল্য নিৰ্ধাৰণ কৰিছে ৫ লাখ।

গোলাঘাট জিলাৰ শগুণপাৰাৰ  আলফা কেডাৰৰ সন্ধান দিব পাৰিলে তিনিচুকীয়া আৰক্ষীয়ে পাঁচ লাখ টকাৰ পুৰষ্কাৰ দিব বুলি প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে আলফা কেডাৰগৰাকীৰ ফটো লগাই বিভিন্ন স্থানত প'ষ্টাৰিং কৰাও দেখা গৈছে। জানিব পৰা মতে, ৰূপম অসমৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ একাধিক স্থানত ধন দাবী, অপহৰণ তথা হত্যাৰ ঘটনাৰ গোচৰ ৰুজু হৈ আছে৷