
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হলে আলফাত যোগ দিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিলে গায়ক জুবিন গাৰ্গে৷
জাতিধ্বংসী বিধেয়কক লৈ শাসনাধিস্থিত বি জে পিৰ অসম বিৰোধী স্থিতিৰ বাবে অসমৰ যুৱ প্ৰজন্ম ভাৰতীয় শাসনযন্ত্ৰৰ ওপৰত হেৰুৱাই পেলাইছে আস্থা৷ এনে পৰিস্থিতিত ৰাজ্যৰ বহুতো শিক্ষিত যুৱক-যুৱতীয়ে নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে৷ এনে এক পৰিস্থিতিত দেওবাৰে ওপজা দিনত জুবিনে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি অলপ লঘূ সুৰত কয় যে যদি এই বিধেয়কখন সংসদত গৃহীত হয় তেন্তে তেওঁ আলফাত যোগদান কৰিব৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মূৰ কামুৰণিৰ সৃষ্টি কৰি ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাইছে আলফাত যোগ দিয়া সদস্যৰ সংখ্যা৷ কিছুদিন পূৰ্বে আছু নেতা পংকজ দত্তৰ আলফা (স্বাধীন)ত যোগ দিয়াৰ পাছতেই পোহৰলৈ আহিছে বহু শিক্ষিত যুৱক-যুৱতীৰ নিখোজ হোৱাৰ ঘটনা৷
ইতিমধ্যে সন্ধানহীন হৈ থকাৰ বাতৰি সম্প্ৰচাৰিত হৈছে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজা তথা আই অ’ চিৰ অভিযন্তা মুন্না বৰুৱা৷
জুবিন গাৰ্গৰ লগতে গায়ক বাবু বৰুৱাইও আলফাত যোগ দিব বুলি জানিবলৈ দিয়ে সংগীত শিল্পী জুবিন গাৰ্গে৷ অৱশ্যে জুবিনৰ আলফালৈ গৈ গেৰিলা যুদ্ধ কৰাৰ উদেশ্য নহয়৷ তেওঁ আলফালৈ গৈ সংগঠনটোৰ নেতা-সদস্যক পুনৰ অসমলৈ ঘূৰাই আনি তেওঁৰ কৰ্তব্য পালন কৰিব৷