শিৱসাগৰঃ কি নহয় শিৱসাগৰত? কন্যা শিশু সমাজৰপৰা অৱহেলিত কিয়? হয় সেই ঘটনাৰে পুনৰাবৃত্তি শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্রসাৱগাৰৰ কাষৰ এখন অস্থায়ী দোকানৰ চালিৰ তলত পলিথিনৰ বেগত যোৱা মংলবাৰে আন্ধাৰৰ সুযোগ লৈ দুজন লোৰে এৰি থৈ গৈছে বুলি চিকিৎসালয়খনত কৰ্মৰত এজন চাফাই কৰ্মীয়ে জানিবলৈ দিছে৷ 

উল্লেখযোগ্য যে চাফাই কৰ্মীজনে এটা বেগৰপৰা শিশুৰ কান্দোন শুনি গৈ দেখে যে বেগটোৰ ভিতৰত এটা কেঁচুৱা সন্তান। সেই সময়ত তাত ৰৈ আছিল আৰু দুজন লোকে বেগটো লৈ অহা দেখিছিল। ঘটনাক্ৰমে তেওঁ লোকদুজনক বেগটো কলৈ নিয়া বুলি প্রশ্ন কৰিছিল যদিও আন্ধাৰত লোকদুজনক চিনিব নোৱাৰিলে৷ 

ইয়াপ পাছতেই কৰ্মীজনে চিকিৎসালয়ত সেই সময়ত কৰ্মৰত কৰ্মীসকলক কথাটো অৱগত কৰে আৰু সন্তানটো চমজাই দিয়ে৷ চিকিৎসা কৰ্মীসকলে জৰুৰীকালীন কক্ষত শিশুটিক ভৰ্তি কৰায়৷  ঘটনাক্ৰমে উৰ্ধতম কৰ্তৃপক্ষক কথাটো অৱগত কৰাৰ লগে লগে জয়সাগৰ আৰক্ষী হাস্পতালখনত উপস্থিত হয়। 

চিকিৎসাৰ অন্তত শিশুটি বৰ্তমান সুস্থ৷ কোন পাষাণ পিতৃ-মাতৃয়ে এনে কাণ্ড সংঘটিত কৰিলে তাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে শিৱসাগৰত৷ কন্যা শিশুটি জন্ম হোৱা ১৫ দিন হৈছিল বুলি জানিবলৈ দিছে চিকিৎসকে৷