
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুধিন গগৈৰ বিৰুদ্ধে উত্থাপিত হৈ অহা বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত আজি মহাবিদ্যালয়খনত অসম আৰক্ষীৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দল পৰিদৰ্শক চৰণ পাঠকৰ নেতৃত্বত উপস্থিত হয়।
মহাবিদ্যালয়খনত সুদীৰ্ঘ দিন ধৰি সংঘটিত হৈ অহা কেইবাটাও বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত অধ্যক্ষজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) ৪০১, ৪২০, ৪৬৮, ৫০০ ধাৰাৰ অধীনত গোচৰ নং ১৮/১৭ ৰুজু কৰি মহাবিদ্যালয়খনত এই অভিযান চলায়৷
উল্লেখযোগ্য যে, অধ্যক্ষ বুধিন গগৈৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহলৈ আবণ্টন দিয়া "এক মহাবিদ্যালয়, এক ক্ৰীড়া প্ৰকল্প " আঁচনিৰ অধীনৰ বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহাবিদ্যালয়লৈ প্ৰদান কৰা প্ৰায় ৩০ লাখ টকা ব্যয় সাপেক্ষ বক্সিং প্ৰকল্পটোৰ ধন আত্মসাতৰ লগতে মহাবিদ্যালয়খনৰ পুথিভঁড়ালৰ ৰিফাণ্ডেবল ক'চন মানিৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা সুদীৰ্ঘ বছৰ ধৰি সংগ্ৰহ কৰা ধন ছাত্ৰ-ছাত্ৰীক ঘূৰাই নিদি উদৰস্থ কৰা আদি কেইবাটাও অভিযোগৰ ভিত্তিত কেইবাটাও গোচৰ পঞ্জীভূক্ত হৈ আছে।
জানিব পৰা মতে, মহাবিদ্যালয়খনৰেই প্ৰাক্তন ছাত্ৰী চিৰঞ্জীতা শৰ্মাই উল্লেখিত অভিযোগ দুটাৰ ভিত্তিত দাখিল কৰা গোচৰৰ সন্দৰ্ভতেই অসম আৰক্ষীৰ তদাৰকী আৰু দুনীৰ্তি নিবাৰক শাখাই অধ্যক্ষজনৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আজি অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানৰ সময়ত দলটোয়ে মহাবিদ্যালয় কাৰ্যালয়ৰ পৰা কেতবোৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰাৰ বিষয়ে বিশেষ সূত্ৰে জানিব পৰা গৈছে। কাইলৈ পুনৰ দলটোৱে অভিযান চলাব বুলি তদন্তকাৰী দলটোৰ সূত্ৰই জনাইছে।