
newsnextone.com। বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাপটত গৃহত ভোটাৰ্চ পাটীৰ ভোটাৰশ্বিপ উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়।
সভাত প্ৰধান বক্তা হিচাপে আসন অলংকৃত ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল'ৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি শ্ৰীযুত ললিত পেগু, বিশিষ্ট অতিথি হিচাপে অৰ্থনৈতিক স্বাধীনতা সংগ্ৰাম পৰিষদৰ সভাপতি শ্ৰীযুত তৰণী বসুমাতাৰী।
সন্মানীয় অতিথি হিচাপে অসম ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল অসম ৰাজ্যিক সমিতিৰ সদস্য আবুশামা দেৱে উপস্থিত থাকি ভোটাৰশ্বিপ উপলক্ষে ভাষণ প্ৰদান কৰি সভাত উপস্থিত থকা ৰাইজৰ মাজত সজাগতা অৱলম্বন কৰে।
লগতে কয়, ভোটাৰশ্বিপ মানৱ জাতিৰ সকলো সমস্যা সমাধানৰ মাজেৰে সৃষ্টি হোৱা এটি নতুন জীৱন। ইয়াৰ দ্বাৰা ভোটাৰ সকলৰ আৰ্থিক দৰিদ্ৰতা বা আৰ্থিকভাবে দুৰ্বল অৱস্থাক নিৰ্মূল কৰি দেশত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বিজ্ঞান সন্মত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
উল্লেখযোগ্য যে ২০১৮ চনত প্ৰতিগৰাকী ভোটাৰে প্ৰতিমাহে পাব লাগিছিল ৫,৮৯৬ টকাকৈ ভোটাৰশ্বিপ(ভোটাৰ পেঞ্চন)। কাৰণ "ভোটাৰশ্বিপ" সাংসদ, উচ্চতম ন্যায়ালয়, লোক সভা, ৰাজ্য সভা, সচিবালয়, সংবিধান বিশেষজ্ঞ, অৰ্থশাস্ৰবিদ আৰু বিশ্বমানৱ অধিকাৰ আইনত ভোটাৰ নাগৰিকৰ জন্মস্বত্ব অধিকাৰ।
ইয়াৰ পিচতো আমি ভোটাৰ সকলে এই ভোটাৰশ্বিপ (ভোটাৰ পেঞ্চন) প্ৰতিমাহে প্ৰত্যেক ভোটাৰে ৫,৮৯৬ টকা কৈ নাপাওঁ কিয় ? কি পদক্ষেপত আগবাঢ়িলে আমি প্ৰত্যেক ভোটাৰে প্ৰতিমাহে এই ভোটাৰশ্বিপ পাব পাৰিম তাৰ কৌশল সম্পৰ্কে বিতংভাৱে নেতা গৰাকীয়ে পৰ্য্যালোচনা কৰে। ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল অসম ৰাজ্যিক নেতা কৰ্মী লগতে পাঁচ শতাধিক ৰাইজে সভাত উপস্থিত থাকে।