হঠাৎ অসমৰ ৯০০০ বাংলাভাষীৰ এডমিট কাৰ্ড হেৰাল,ডুপ্লিকেট এডমিট কাৰ্ডৰ বাবে বংগত আবেদন  ! 

কলকাতাঃ অসমত বসবাস কৰা প্ৰায় ৯,০০০ বাংলাভাষীয়ে পশ্চিমবংগ হায়াৰ ছেকেণ্ডেৰী ব'ৰ্ডত মেট্ৰিকৰ ডুপ্লিকেট এডমিট কাৰ্ডৰ বাবে আবেদন কৰিছে। অসমত এন আৰ চিৰ খচৰা তালিকা প্ৰকাশৰ পাছত এনেদৰে চুবুৰীয়া ৰাজ্যখনত ডুপ্লকেট এডমিট কাৰ্ডৰ বাবে বৃহৎ সংখ্যক লোকে আবেদন কৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে।

এন আৰ চিত জন্মৰ তাৰিখৰ প্ৰয়োজন আৰু মেট্ৰিকৰ এডমিটক জন্ম তাৰিখ সাব্যস্তকৰণৰ এক নথি হিচাপে এন আৰ চি কৰ্তৃপক্ষই মানি লৈছে। 

মন কৰিবলগীয়া যে ১৯৭৩ চনৰ আগত ত্ৰিপুৰাত কোনো হায়াৰ ছেকেণ্ডেৰী বৰ্ড নাছিল আৰু পশ্চমবংগৰপৰাই ৰাজ্যখনৰ মেট্ৰিক পৰীক্ষা পৰিচালনা কৰা হৈছিল। সেয়ে ডুপ্লিকেট এডমিট কাৰ্ড আবেদন কৰা অসমৰ এই বাংলাভাষীসকলে ১৯৭৩ চনৰ আগত ত্ৰিপুৰাত পঢ়াৰ কথা উল্লেখ কৰিছে আৰু পাছত অসমলৈ প্ৰব্ৰজন কৰা বুলি কোৱা হৈছে।

পশ্চিমবংগ হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ অধ্যক্ষ কল্যানময় গাংগুলীয়ে এই কথা জানিলৈ দিছে যদিও অসমত প্ৰস্তুত কৰি থকা এন আৰ চিৰ লগত এই অস্বাভাৱিক আবেদনৰ সম্পৰ্ক সন্দৰ্ভত কোনো মন্তব্য দিয়াৰপৰা বিৰত থাকে। অৰিজিনেল এডমিট কাৰ্ড হেৰুৱাৰ বাবেই এনেদৰে আবেদন কৰা বুলি তেওঁ মন্তব্য কৰে। যুদ্ধকালীন তৎপৰতাৰে ইতিমধ্যে ৬,০০০ আবেদনকাৰীক ডুপ্লিকেট এডমিট কাৰ্ড প্ৰদান কৰা হৈছে।