চাবুৱাঃ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো দোষ শিক্ষকসকলক জাপি দি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰি থকাৰ সময়তেই ডিব্ৰুগড় জিলাৰ চাবুৱাত দেখা গৈছে শিক্ষা বিভাগৰ এখন লজ্জাজনক ছবি।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিৰ ১০ জনীয়া এটি দলে অলপতে ডিব্ৰুগড় জিলাৰ পানীতোলা শিক্ষাখণ্ডৰ অধীনত থকা চৰকাৰী বিদ্যালয়সমূহ নিৰীক্ষণ কৰি শিক্ষা বিভাগৰ প্ৰকৃত ছবি পোহৰলৈ আনে। 

উল্লেখ্য যে বৃহত্তৰ চাবুৱা অঞ্চলত যোৱা ৪ মাৰ্চ আৰু ১২ এপ্ৰিলত প্ৰচণ্ড ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল কেবাখনো বিদ্যালয়ৰ বাসগৃহ। কিন্তু ৪ মাহ পাৰ হৈ যোৱাৰ পিছতো আজিলৈকে বিদ্যালয়সমূহ নিৰ্মাণ কৰিবলৈ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা দেখা নগ’ল। ফলত এতিয়া বহু চৰকাৰী বিদ্যালয়ত এটা কোঠাতে ৫টাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে। 

সংগঠনটোৱে বহুকেইখন বিদ্যালয় নিৰীক্ষণ কৰাৰ লগতে পুৱা ১০ বজাত ৰংচঙী প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ অৱস্থা দেখি শিক্ষা বিভাগক বিদ্যালয়সমূহৰ গৃহ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ এসপ্তাহৰ চৰম সময়সীমা চৰকাৰক বান্ধি দিছে।

ছাত্ৰ সংগঠনটোৱে ৯ জুনত ধুমুহাত ক্ষতিগ্ৰস্ত চৰকাৰী বিদ্যালয়সমূহৰ গৃহ নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাই আন্দোলনৰো কাৰ্যসূচী হাতত লৈছিল। কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে সংগঠনটো। আনহাতে অভিভাৱক আৰু স্থানীয় লোকসকলেও চৰকাৰৰ গা এৰা দিয়া মনোভাৱত অসন্তুষ্টি প্ৰকাশ কৰিছে।

"গৰমৰ বন্ধ পাৰ হৈ গ'ল। তথাপি বিভাগে বিদ্যালয় কেইখন মেৰামতি কৰিব নোৱাৰিলে। এয়া সঁচাকৈয়ে অতি পৰিতাপৰ কথা। শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰী হিমন্তই যে দেখিও একো নেদেখে সেয়া এই বিদ্যালয় কেইখনৰ দুৰৱস্থাই স্পষ্ট কৰি তুলিছে।"-এইদৰে কয় এজন ক্ষুব্ধ স্থানীয় লোকে।