
হৰিশিঙাঃ হৰিশিঙা-টংলা গড়কাপ্তানী পথত এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানপানী৷ বৃহত্তৰ হৰিশিঙাবাসীৰ যাতায়াতৰ একমাত্ৰ উপায় হৰিশিঙা-টংলা গড়কাপ্তানী পথটো মেৰামতিৰ অভাৱত খলা-বমাৰে জৰাজীৰ্ণ হৈ পৰিছে৷
গাড়ী-মটৰটো দূৰৈৰ কথা, খোজকঢ়াৰো উপায় নাইকিয়া হৈছে পথটোত৷ পথটোৰে ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী আদি হৰিশিঙালৈ নিতৌ আহ-যাহ কৰিব লগা হয় যদিও তেওঁলোকে পথটোৰ বাবে সমস্যাত ভূগি আহিছে৷
ভূটান সীমান্তৰ পৰা ৰোগীৰ চিকিৎসাৰ বাবে হৰিশিঙা ৰাজ্যিক চিকিৎসাললৈ আহিব লগা হয় যদিও ৰোগী সময়মতে চিকিৎসালয় আহি নাপায় পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে।
বিভাগীয় কৰ্তৃপক্ষই বিষয়টো উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ পথটো মেৰামতিৰ দাবীত হৰিশিঙা আছুই সময়ে সময়ে প্ৰশাসনৰ কাণ চোৱাইছে যদিও বিভাগটোৱে ভ্ৰুক্ষেপ নকৰা বুলি জানিবপৰা গৈছে৷
বিধান সভা নিৰ্বাচনৰ পূৰ্বে স্থানীয় বিধায়ক ৰিহণ দৈমাৰীয়ে ঠিকাদাৰৰ হতুৱাই কাম আৰম্ভ কৰিছিল যদিও মাথো কিছু অংশ কাম কৰি সিংহভাগেই আধৰুৱা কৰি ৰাখে৷ স্থানীয় ৰাইজে পথটো শীঘ্ৰে মেৰামতিৰ দাবী জনাইছে৷ অন্যথাই আন্দোলনৰ পথ বাচি ল’ব লাগিব বুলি ভাবুকি প্ৰদান কৰিছে৷