ৰঙিয়াঃ ৰঙিয়াৰ গৌৰৱ মেধাবী ফুনুমা ক'লৈ গ'ল? উত্তৰ গুৱাহাটীৰ আই আই টিত গৱেষণাৰত এটি সাধাৰণ পৰিয়ালৰ মেধাৱী ছাত্ৰীগৰাকী ক'লৈ গ’ল সেয়া কোনেও নাজানে।

এটি মধ্যবিত্ত পৰিয়াল তথা ৰঙিয়াৰ গৌৰৱ গুৱাহাটী আই আই টিত অধ্যয়নৰত ৰঙিয়াৰ ফুনুমা মজুমদাৰ ৪০ ঘন্টা ধৰি কোনো খবৰ নাই৷ নিৰুদ্দেশৰ খবৰ ৰঙিয়াত বিয়পি পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

সোমবাৰে পুৱা প্ৰায় ১০ বজাত আই আই টিৰ পৰা ওলাই অহাৰ পাছৰে পৰা মেধাবী ছাত্ৰী গৰাকী ৰহস্যজনকভাৱে নিৰুদ্দেশ হয়। আই আই টিৰ সোৱনশিৰি হোষ্টেলৰ গৱেষণাৰ ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাত পৰিয়ালে আমিনগাঁও আৰক্ষী চকীত আজি এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে বৰ্তমানলৈকে কোনো সন্ধান উলিয়াব পৰা নাই ছাত্ৰীগৰাকীৰ। ফলত ছাত্ৰীগৰাকীক বিচাৰি এতিয়া ত্ৰিভূৱন চলাথ কৰি ফুৰিছে অসহায় পিতৃ-মাতৃয়ে৷

ৰঙিয়াৰ জ্যোতি নগৰ নিবাসী ক্ষুদ্ৰ ব্যৱসায়ী হৰেন মজুমদাৰৰ একমাত্র কন্যা ফুনুমা সন্ধানহীন হোৱাত অজান আশংকাত ভুগিব লগা হৈছে পৰিয়ালটো। অতি নিৰ্জু আৰু অমায়িক হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত বিশেষ কৃতিত্ব সহকাৰে উত্তীৰ্ণ ছাত্ৰীগৰাকী কিদৰে নিখোজ হল, সেইলৈ ৰহস্যৰ সৃষ্টি হৈছে।

যোৱা চাৰি বছৰ ধৰি আই আই টিত পি এইছ ডি কৰি থকা ফুনুমাই কেইদিনমানৰ পৰা চূড়ান্ত পৰীক্ষাক লৈ কিছু পৰিমাণে চিন্তিত হৈ আছিল বুলি পৰিয়ালে জনায়। কিন্তু তেনে এক সামান্য কথাতে যে মেধাৱী ছাত্ৰীগৰাকী সন্ধানহীন হৈ পৰিব সেয়া কোনোপধ্যে মানি ল'ব পৰা নাই পিতৃ-মাতৃয়ে।

উল্লেখ্য যে,ইয়াৰ পূৰ্বেও আই আই টিৰ পৰা কেবাগৰাকী শিক্ষাৰ্থী নিৰুদ্দেশ হৈছিল। সাতে সোতৰে মিলি এতিয়া অধিক উদ্বিগ্ন হৈ পৰিছে ফুনুমাৰ পিত-মাতৃ।