আজাৰাঃ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কোষাধ্যক্ষ জয় কুমাৰ জৈনৰ সহধৰ্মিনী তাৰাদেৱী জৈনৰ আজি পুৱা মাছখোৱা কেদাৰ ৰোডৰ নিজ বাসগৃহত মৃত্যু হয়।

মৃত্যৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। জয় কুমাৰ জৈনৰ ঘৰত উপস্থিত হৈ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নৱজ্যতি তালুকদাৰ, শৈলেন বৰাই জৈনৰ পত্নীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

আনহাতে প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্যৰ বাহিৰত থকাৰ বাবে ফোনযোগে  পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

তেওঁৰ মৃত্যুত অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা মনোৱাৰা ডেকা, চিত্ৰা দাসৰ লগতে কংগ্ৰেছ দলৰ কৰ্মীসকলে গভীৰ শোক প্ৰকাশ কৰে। ভুতনাথস্থিত শ্মশানত তাৰাদেৱী জৈনৰ শেষকৃত্য সম্পন্ন কৰা হয়।