
চামগুৰিঃ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীজাকৰ উপদ্ৰৱত নিদ্ৰা হৰিছে নগাঁৱৰ ভৰাগুৰিবাসীৰ৷ ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাট নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ গ্ৰাম্যঞ্চলত৷
জিলাখনৰ শালনা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত গ্ৰাম্যঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱত ৰাইজৰ নিদ্ৰাহৰণ কৰিছে৷
বিশেষকৈ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই ৰাইজৰ ধন-জন, সা-সম্পত্তি অনিষ্ট কৰাত ৰাইজ চিন্তিত হৈ পৰিছে৷ বনৰীয়া হাতীৰ জাকে ভাগ-ভাগ হৈ আজি এসপ্তাহ ধৰি চামগুৰিৰ গ্ৰাম্যঞ্চলত চলাই গৈছে তাণ্ডৱলীলা৷
বনৰীয়া হাতীয়ে চামগুৰি সমষ্টিৰ ভৰাগুৰি, পামগাঁও, ডিলকাবস্তী, পদুমণি, ব'ৰদল আদিকে ধৰি কেইবাখনো গাঁৱৰ খেতিপথাৰ, ফলমূল নষ্ট কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি অনিষ্ট কৰিছে ৷
যোৱা নিশা বন্যহস্তীয়ে পদুমণি পামগাঁৱৰ বীনা বৰাৰ দুটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰিও ভৰাগুৰিৰ মণি বৰুৱা আৰু প্ৰদীপ বৰাৰ বাসগৃহও ভাঙি লণ্ড-ভণ্ড কৰে৷ বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত থকাৰ পাছতো বিয়াগোম বন-বিভাগে হাতী খেদাৰ ব্যৱস্থা গ্ৰহন নকৰাত স্থানীয় ৰাইজ বন বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰিছে৷