চামগুৰিঃ ৰাজ্যত আজিও অব্যাহত আছে হাতী মানুহৰ সংঘাত৷ প্ৰতিদিনে ৰাজ্যৰ কোনোবা নহয় কোনোবা ঠাইত হাতী মানুহৰ সংঘাট হৈ হোৱাৰ খবৰ প্ৰচাৰ হয়৷ যাৰ ফলত ৰাজ্য খনৰ ব্যাপক ধন-জনৰ ক্ষতি হৈ আহিছে৷ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকে দৰিদ্ৰ কৃষকৰ খেতি বাতি-ঘৰ বৰ-ভাঙি নষ্ট কৰাৰ লগতে বহু লোকৰ প্ৰাণ লয়৷ যাৰ ফলত হাতী আৰু মানুহৰ সঁগাট হয়৷

সময়ে সময়ে হাতীৰো প্ৰাণ গৈ আহিছে৷ তাৰ মাজতে ৰাজ্যত বহুদিন ধৰি বাহৰ পাতি আছে প্ৰকৃতিপ্ৰেমী সংগঠন "নেচাৰ এণ্ড ৱাইল্ড লাইফ"ৰ বহু কৰ্মকৰ্তা৷ তেওলোকে অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি হাতী-মানুহৰ সংঘাত কেনেদৰে নিৰ্মুল কৰিব পৰ যায় তাৰ পৰামাৰ্শ দি আহিছে৷

নগাঁও জিলাৰ চাপানালাৰ সমীপৱৰ্তী চোৱাং বনাঞ্চলৰ দাঁতিত থকা আগশাৰীৰ প্ৰকৃতিপ্ৰেমী সংগঠন "গ্ৰীণ গাৰ্ড"ৰ কাৰ্যালয়ত বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত "নেচাৰ এণ্ড ৱাইল্ড লাইফ"ৰ সভাপতি তথা প্ৰকৃতিপ্ৰেমী এণ্ডি মাৰ্কৰ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জন অৰণ্যত প্ৰবেশ কৰা বনৰীয়া হাতীৰ জাকৰ প্ৰতি মানুহে হিংসাত্মক দৃষ্টিভংগী লোৱা উচিত নহয় বুলি কয়৷ হাতীৰ জাক সমূহ খেদি পঠাবলৈ অতি নমনীয় পদ্ধতি গ্ৰহণ কৰি সফলতা লাভ কৰিব পাৰি৷

বিশেষকৈ হাতীৰ জাকক বৰকৈ কথা-বতৰা কৈ, পেঁপা বজাই, বটলত শিলগুটি ভৰাই শব্দ কৰি নিদিষ্ট নিয়মৰ মাজেৰে খেদি পঠাব পাৰি বুলিও কয়৷ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত হাতী-মানুহৰ সংঘাতৰ ক্ষেত্রত ত্ৰিশ বছৰৰো অধিক কাল গৱেষণাৰ জৰিয়তে নিয়ন্ত্ৰণ পদ্ধতি উদ্ভাৱন কৰি সফল হোৱা "নেচাৰচ এণ্ড ৱাইল্ড লাইফ"ৰ সভাপতি এণ্ডি মাৰ্কৰে জনসাধাৰণৰ সহযোগ হ'লে তিনি বছৰৰ ভিতৰত হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিব পৰা যাব বুলিও মত পোষণ কৰে৷

বিশেষকৈ নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী চোৱাং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকে সমগ্ৰ বছৰটোৱে দাঁতি কাষৰীয়া অঞ্চলত ব্যাপক উপদ্ৰৱ চলোৱাৰ লগতে হাতীৰ আক্ৰমণত কে'বাজনো ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে৷ বহুকেইটা বনৰীয়া হাতীও মৃত্যুমুখত পৰিছে৷ এইক্ষেত্ৰত উদ্ধিগ্ন হৈ মানুহৰ হিংসুক প্ৰকৃতিৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি কয় এণ্ডি মাৰ্কে৷ ফটকা ফুটাই, হাতীক আক্ৰমণ কৰি আৰু বহু দিশৰ পৰা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি হাতীৰ জাক খেদোৱা উচিত নহয়৷

এনে কৰাৰ ফলতেই হাতীৰ জাক সমূহে ছত্ৰভংগ দি কেইবাটাও ভাগত বিভক্ত হয় আৰু হাতীৰ জাক হিংসুক হয়৷ ইফালে মাজে-সময়ে দেখা পোৱা অকলশৰীয়া হাতী সমূহ খাদ্যৰ তাড়নাত সকলো সময়তে হিংসুক প্ৰকৃতিৰ হৈ থাকে৷ এনে হাতীৰ ওচৰত সাৱধানতা অৱলম্বন কৰাটো উচিত কাৰণ মানুহৰ জীৱন অমূল্য সম্পদ বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷

যোৱা ২৫ অক্টোবৰত হাতী-মানুহৰ সংঘাতৰ স্পৰ্শকাতৰ এলেকা হিচাপে পৰিচিত নগাঁৱৰ চাপানালাত উপস্থিত হৈ বৰ্তমানলৈকে উক্ত অঞ্চলত বাহৰ পাতি হাতী আৰু মানুহৰ সংঘাতৰ বিষয়টো অতি গভীৰভাৱে অধ্যয়নৰ জৰিয়তে বিদেশী প্ৰকৃতিপ্ৰেমী এণ্ডি মাৰ্কে হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে কি পদ্ধতি অৱলম্বন কৰিব লাগে সেই সম্পৰ্কে চাপানালাৰ বিভিন্ন স্থানত ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে৷

সাংবাদিকৰ সন্মুখত হাতীৰ বাসস্থান হিচাপে পৰিচিত পাহাৰৰ বিভিন্ন দুৰ্গম অঞ্চল পৰিভ্ৰমণ কৰিছো বুলি কৈ হাতীৰ খাদ্যৰ বাবে গছ-গছনিৰ লগতে ঘাহঁনিৰো প্ৰয়োজন৷ হাতীৰ মূল খাদ্য ঘাঁহনি সমূহ অপতৃৰ্ণ লতাই (জাৰ্মানী লতাই) আৱৰি ধৰাত ঘাঁহনি সম্পূৰ্ণ নাইকীয়া হ'ল৷ এই অপতৃৰ্ণ লতা (জাৰ্মানী লতা) সমূহ নিজৰ-নিজৰ স্থানত পাহাৰীয়া ৰাইজে বন বিভাগৰ জৰিয়তে চাফা কৰিলে উক্ত স্থানত পুনৰ ঘাঁহ গজি উঠি হাতীৰ খাদ্যৰ অভাৱ দূৰ কৰিব বুলি প্ৰকৃতিপ্ৰেমী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷

উল্লেখ্য যে, নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৰ বিভিন্ন অঞ্চলৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত হাতী আৰু মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ এই বিষয়টো বন বিভাগে অকলে নিৰ্মূল কৰাটো সম্ভৱ নহয়৷ জনসাধাৰণৰ সহযোগিতাৰ জৰিয়তে নিৰ্মূল কৰিব পৰা যাব৷ এইক্ষেত্ৰত বিদেশী প্ৰকৃতিপ্ৰেমী গৰাকীৰ পৰামৰ্শ কিমান দূৰ ফলপ্ৰসু হ'ব সেইটো পদ্ধতিগত কাম-কাজৰ পাছতহে জানিব পৰা যাব৷

বিশেষ সাক্ষাৎকাৰত প্ৰকৃতিপ্ৰেমী এণ্ডি মাৰ্কৰ লগত প্ৰকৃতিপ্ৰেমী "নেচাৰ এণ্ড ওৱাল্ড লাইফ অৰ্গেনাইজেচন"ৰ প্ৰধান সম্পাদক নানি ফৰ্ৱাড আৰু গিউম লিঅ'ড উপস্থিত থকাৰ লগতে "গ্ৰীণ গাৰ্ড"ৰ সঞ্চালক প্ৰধান ৰাজ ফুকন, বিনোদ দুলু বৰা, হেমন্ত শৰ্মা আৰু ৰঞ্জন বৰঠাকুৰৰ লগতে বহু প্ৰকৃতিপ্ৰেমী কৰ্মকৰ্তা উপস্থিত থাকে৷ স্মৰ্তব্য যে, হাতী-মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যে বিদেশী প্ৰকৃতিপ্ৰেমী দলটোৱে গ্ৰীণ গাৰ্ড প্ৰকৃতি সংগঠনৰ সহযোগত বিভিন্ন গাঁৱত সজাগতা সভা অনুষ্ঠিত কৰি সজাগতাৰ সৃষ্টি কৰিছে৷

যোৱা ২৬ অক্টোবৰত চাপানালা পূজাঘৰ প্ৰাংগনত নগাঁও জিলা উপাযুক্ত চমচেৰ সিং আৰু নগাঁৱৰ বন বিষয়া শুভাশীষ দাসৰ উপস্থিতিত প্ৰকৃতিপ্ৰেমী দলটোৱে ৫৪ খন গাঁৱৰ জনসাধাৰণক হাতী খেদাত ব্যৱহাৰ কৰিবৰ বাবে টৰ্চ লাইট বিতৰণ কৰে৷ উক্ত সভাতেই "প্ৰজেক্ট লাইট ফ'ৰ ফুড টু লিভ" নামৰ আঁচনিখন উদ্ধোধন কৰি নেচাৰ এণ্ড ৱাইল্ড লাইফ আৰু গ্ৰীণ গাৰ্ডে যৌথভাৱে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে প্ৰতিদিনে শেষ নিশা পৰ্যন্ত প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু দহ দিনৰ পাছতেই এই কাৰ্যসূচী কিছুদিনৰ বাবে স্থগিত ৰাখি এণ্ডি মাৰ্কৰ দলটো বেলেগ ৰাষ্ট্ৰলৈ ৰাওনা হ'ব৷

ইতিমধ্যে থাইলেণ্ডৰ "কুইবৰি"ৰ দৰে বৃহৎ এলেকাত হাতী-মানুহৰ সংঘাত সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সক্ষম হোৱা এণ্ডি মাৰ্কৰ দলটোৱে ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল, চীন, ভিয়েটনাম, শ্ৰীলংকা, ইন্দোনেচিয়া, মালয়েচিয়া আদি ৰাষ্ট্ৰৰ পৰা আমন্ত্ৰণ লাভ কৰিছে যদিও কোনোধৰণৰ সিদ্ধান্ত লোৱা নাই বুলি এণ্ডি মাৰ্কৰ দলটোৱে সাংবাদিকক জানিবলৈ দিয়ে৷