কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বিছমুৰীৰ ডেকাদামৰাত ডাইনী সন্দেহত এগৰাকী ব্যাক্তিক স্থানীয় ৰাইজে মেল পাতি নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গঞাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা লোকজনক ডেকাদামৰাৰ ৰবিৰাম নাৰ্জাৰী বুলি জানিব পৰা গৈছে।

কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰবিৰাম নাৰ্জাৰীয়ে(৫২)সদৰী কৰা মতে গাঁৱৰ ৰাইজে যোৱা ১৮ জুলাইত গাঁৱৰে প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এক ৰাইজমেল পাতি তেওঁক ডাইনী বুলি অভিযুক্ত কৰি নিৰ্মমভাৱে আক্ৰমণ কৰে।

ডাইনী সন্দেহত আক্ৰমণৰ বলি হোৱা ৰবিৰাম নাৰ্জাৰীক পিছত তেওঁৰ পৰিয়ালৰ সদস্যই কোকৰাঝাৰৰ আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে। 

আনহাতে বিষমুৰী আৰক্ষী চকীৰ অন্তৰ্গত বাশবাৰী হাইস্কুল প্ৰাংগণত আজি অসম বিজ্ঞান সমিতিৰ কোকৰাঝাৰ শাখাৰ উদ্যোগত ডাইনীৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়।

সজাগতা সভাত অংশগ্ৰহন কৰি বীৰুবালা ৰাভাই ডাইনীৰ দৰে কু- সংস্কাৰ সমাজৰ পৰা নিৰ্মূল কৰিবলৈ সকলোৰে সহায়-সহযোগিতা কামনা কৰে। উল্লেখ্য যে যোৱা বছৰতো উক্ত এলেকাত এগৰাকী ছাত্ৰক ডাইনী সন্দেহত নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল।