02
Aug
2017

BolteRaho
কাকপথাৰঃ আটছাই আহ্বান জনোৱা ৭২ ঘন্টীয়া ডুমডুমা, কাকপথাৰ, ফিলবাৰী, আৰু তালাপ অঞ্চল বন্ধ আধাতে স্থগিত ৰাখে৷ চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন মহাবিদ্যালয়ত নামভৰ্তিৰ সুবিধা নোপোৱাত আটছাই ডুমডুমা, কাকপথাৰ, ফিলবাৰী, আৰু তালাপ অঞ্চল বন্ধৰ আহ্বান জনাইছিল৷
আজি পুৱাৰ পৰা এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছিল ডুমডুমা, কাকপথাৰ, ফিলবাৰী, আৰু তালাপ আদি ঠাইত৷ ৭২ ঘন্টাৰ ১২ ঘণ্টা বন্ধ হৈ যোৱাৰ পাছতে সংগঠনটোৱে বন্ধ স্থগিত ৰখাৰ কথা ঘোষণা কৰে৷
জিলা প্ৰশাসন আৰু আটছাৰ কৰ্মকৰ্তাৰ মাজত হোৱা এক আলোচনা মৰ্মে বন্ধ সাময়িক ভাৱে স্থগিত ৰাখে সংগঠনটোৱে৷
প্ৰশাসনে অহা দুদিনৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ ব্যৱস্থা কৰা হ’ব বুলি কোৱাৰ লগতে ২০১৮ চনৰ ভিতৰত উক্ত স্থানত এখন মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে৷