বঢ়মপুৰঃ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিৰ এটি এলেকাত বিদ্যুৎৰ পোহৰ দেখা নাই শ-শ লোকে৷ প্ৰায় ৯টা বছৰ ৰাজ্য খনৰ মুখ্যমন্ত্ৰী হৈ থকা লোকগৰাকীৰ সমষ্টিৰ বহু লোকৰ বাবে বিদ্যুৎৰ পোহৰ দেখাটো এক সপোন হে মাথো৷ হয়, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ কথাকে কৈছো৷ ছাত্ৰৰ আন্দোলন, অসম আন্দোলনৰ হোতা তথা দেশৰ ভিতৰতে কনিষ্ঠ মুখ্যমন্ত্ৰী ৰূপে একালত শপত লোৱা মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ সমষ্টিৰ ৰাইজৰ সমস্যাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷

কিছুদিন পূৰ্বে newsnextone.com-এ মহন্তৰ সমষ্টিৰ লোকে কৰ পৰা কি পানী সেৱন কৰে তাৰ এটি প্ৰতিবেদন প্ৰকাশ কৰিছলো৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ এলেকাৰ কন্দলীৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়৷ ঐতিহ্যমণ্ডিত বাদুলি খুৰুংৰ বাবে বিখ্যাত কন্দলীত ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে তিনি-চাৰি কিঃ মিঃ পৰ্যন্ত দূৰলৈ যাব লগা হয়৷ মেলেৰিয়া অধ্যুষিত কন্দলি অঞ্চলত জনজাতি লোক বসবাস কৰে৷

অঞ্চলটোৰ ৰাইজে যুগ যুগ ধৰি পাহাৰৰ জান-জুৰিৰ পৰা নিগিৰি অহা পানী খাই জীৱন নিৰ্বাহ কৰিব লগা হৈছে৷ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে মহন্তৰ সমষ্টিৰ একাংশ লোকে পুনৰ newsnextone.comৰ সৈতে যোগাযোগ কৰে৷ newsnextone.comৰ সাংবাদিক গৈ উপস্থিত হৈছিল মহন্তৰ সমষ্টি বঢ়মপুৰৰ শিৱস্থান চাহ বাগিচা অঞ্চলত৷ তাঁত উপস্থিত হৈ প্ৰত্যক্ষ কৰিছিল এখন ভয়াবহ ছবি৷ মানুহ যেন আজিও আদিম যুগতো বসবাস কৰি আছে৷

বাট-পথ বুলিবলৈ একো নাই৷ বিশুদ্ধ খোনাপানী, চিকিৎসা সেৱা, শিক্ষাৰ কোনো ব্যৱস্থা নাই মহন্তৰ সমষ্টিত৷ ভয়াবহ আৰু দুখ লগা পৰিস্থিতিত আজিও জীয়াই আছে৷ নিশা হাতীৰ তাণ্ডৱ৷ বছৰৰ ৬ মাহ নিদ্ৰাহৰণ হয় তেওলোকৰ৷ তাৰ পিছতো নিৰৱে সকলো সহি গৈছে তেওলোকে৷ তেওলোকক পাহৰি গৈছে চৰকাৰে, বিধায়ক তথা প্ৰশাসনে৷ চাহ বাগিচাৰ অঞ্চলটোত শ-শ পৰিয়ালে বছৰ বছৰ ধৰি বসবাস কৰি আহিছে যদিও বিদ্যুৎৰ খুঁটা এটাও দেখা পোৱা নগল৷

দৰিদ্ৰ, খাটিখোৱা শ্ৰমিকসকলৰ বাট-পথৰ লগতে ঘৰ-বৰৰ অৱস্থাও ভাল নহয়৷ অঞ্চলটোক ঐতিহাসিক সমল ৰূপে সংৰক্ষণ কৰা যেন হে অনুভৱ কৰিব পাৰি৷ কিয়নো তথ্য আৰু প্ৰযুক্তি বিদ্যৰ যুগতো সাধাৰণ মোবাইলটো চাৰ্জ দিবলৈ ২-৩ কিঃ মিঃ দূৰলৈ যাব লগা হয় মানুহে৷ বছৰ বছৰ ধৰি বিভিন্ন প্ৰকাৰে সমষ্টিৰ বিধায়কগৰাকীক বিদ্যুৎৰ সংযোগ দিয়াৰ লগতে বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে দাবী জনাই আহিছে যদিও মহন্তই গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷

মুঠৰ ওপত সকলো দিশৰ পৰা বঞ্চিত শিৱস্থান চাহ বাগিচা অঞ্চল। বছৰ-বছৰ ধৰি চাকিৰ পোহৰতে নিশা কটাবলৈ বাধ্য হয় অঞ্চলটোৰ লোক৷ বিদ্যুত সংযোগ নথকাৰ লগতে নিতৌ বনৰীয়া হাতী তাণ্ডৱ চলাই অঞ্চলটোত৷ হাতীৰ জাকে অঞ্চলটোৰ ঘৰ-বৰ, খেতিৰৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। প্ৰায় তিনি শ পৰিয়ালে বসবাস কৰা অঞ্চলটোৰ লোকসকলে বিদ্যুৎ বিভাগক তথা স্থানীয় বিধায়কক বহু আবেদন নিবেদন কৰাৰ পিছতো বিভাগটোৱে আজিলৈকে অঞ্চলটোত বিদ্যুৎ সংযোগৰ ব্যৱস্থা নকৰিলে৷

ৰাইজে শীঘ্ৰে অঞ্চলটোত বিদ্যুৎ যোগানৰ ব্যৱস্থা নকৰিলে পঞ্চায়ত নিৰ্বাচনত কোনো দলৰ লোকক অঞ্চলটোত প্ৰবেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে। তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত মানুহে বিদ্যুৎ সংযোগ নোপোৱাটো ডাঙৰ অন্যায় ৰূপে গণ্য কৰিব পাৰি৷ লৰা-ছোৱালীয়ে শিক্ষাৰ দিশত কেনেকৈ আগবাঢ়িব সেয়াও চিন্তাৰ বিষয়৷