
Huffington
বালিপৰাঃ শোনিতপুৰৰ বালিপৰাৰ ১৮ মাইলত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ পম্পি দে নামৰ বিবাহিতা মহিলা গৰাকীৰ মৃতদেহ চিত লৈ থকা অৱস্থাত উদ্ধাৰ হয়৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মহিলা গৰাকীক স্বামী ৰাম দে আৰু দেওৰেক শ্যাম দে পৰিকল্পিত ভাৱে হত্যা কৰি আত্মহাত্যা কৰা বুলি দেখুৱাবলৈ চেষ্টা কৰিছে৷
স্থানীয় ৰাইজ আৰু মহিলাগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীৰ আগত অনগত কৰা মতে মহিলাগৰাকীৰ স্বামী আৰু স্বামীৰ ভায়েকে মহিলাগৰাকীৰ পৰা টকা বিচাৰি বিগত বহু দিনৰ পৰা শাৰিৰীক আৰু মনসিক নিৰ্যাতন চলাই আহিছিল৷
আনহাতে তাৰ বাবেই আজি মহিলাগৰাকীক হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে৷
ঘটনা সন্দৰ্ভত ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে স্বামী ৰাম দে আৰু দেওৰেক শ্যাম দেক আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷