
জোনাইঃ অসম-অৰুণাচল সীমান্ত তথা ধেমাজি জিলাৰ জোনাই মহকুমা অধীনৰ লেকু জেলমত আজি অৰুণাচল আৰু অসম আৰক্ষীৰ যুটিয়া অভিযানত মিতে ময়ং নামৰ মহিলা গৰাকীৰ ঘৰৰপৰা ৫৯.৯৯ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ হয়৷
জানিব পৰা মতে, আজি অৰুণাচল আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি পাচিঘাটত এজন লোকৰ পৰা প্ৰায় ৪.৭ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। উক্ত লোকজনৰ ভাষ্যৰ ভিত্তিত অৰুণাচল সীমান্তৰ অসম আৰক্ষী লগত যোগাযোগ কৰি অৰুণাচল আৰক্ষীয়ে এই অভিযান চলায়।
পাছিঘাটৰ ডিএছপি তৰোম মাকচা আৰু জোনাই মহকুমা আৰক্ষী বিষয়া ভোলা হাজৰিকাৰ নেতৃত্বত আৰক্ষী দলে অভিযান চলাই লেকু জেলম গাঁৱৰ মিতে ময়ং নামৰ মহিলাগৰাকীৰ ঘৰৰ পৰা উক্ত পৰিমাণৰ ব্ৰাউন চুগাৰৰ লগতে এটা উজন কৰা মেচিন উদ্ধাৰ কৰে।
আনফালে মহিলাগৰাকীৰ পৰা অধিক তথ্য লাভৰ বাবে অৰুণাচল আৰক্ষীয়ে মহিলাগৰাকীক জোনাই আৰক্ষীৰ পৰা নিজ জিম্মালৈ নিয়াৰ প্ৰস্তুতি চলাইছে। ইফালে পাছিঘাট আৰক্ষীয়ে এই সন্দৰ্ভত ১৭৮/১৭ নম্বৰৰ গোচৰ ৰুজু কৰিছে৷