
বোকাজানঃ বোকাজান নগৰৰ এক নং ৱাৰ্ডৰ মাধৱপুৰত আজি দিনৰভাগত এগৰাকী বিবাহিতা মহিলাই ডিঙিত চিপ লৈ আত্মহত্যা কৰা ঘটনাই নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি খটখটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা মাধৱপুৰৰ বাসিন্দা নাৰায়ণ তালুকদাৰৰ পত্নী জ্যোতিকা তালুকদাৰ (৩০) নামৰ মহিলাগৰাকীয়ে আজি দিনৰ ভাগত ঘৰত কোনো নথকা অৱস্থাত ড্ৰয়িং ৰুমৰ চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে ৷
মৃত জ্যোতিকাৰ স্বামী নাৰায়ণ তালুকদাৰে আজি দিনৰ ভাগত বিদ্যালয়ৰ পৰা সোনকালে ঘৰলৈ আহি ঘৰৰ মূল দ্বাৰখন বন্ধ থকাত বাহিৰৰ পৰাই নিজ পত্নীক মাত দিয়ে যদিও কোনোধৰণৰ সহাৰি নাপায়৷ পাছত তালুকদাৰে ঘৰৰ ড্ৰয়িং ৰুমৰ এখন খোলা খিৰিকিৰে ভিতৰলৈ চোৱাত তেওঁৰ পত্নীয়ে চিলিং ফেনত চিপ লৈ ওলমি থকা প্ৰত্যক্ষ কৰে ৷
তালুকদাৰে লগে লগে চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়া আহি ঘটনাস্থলীত উপস্থিত হয় আৰু তালুকদাৰে ঘৰৰ মূল দুৱাৰখন ঠেলি ভিতৰলৈ প্ৰবেশ কৰি পত্নীক ৰক্ষা কৰিবৰ বাবে ডিঙিৰ চিপ কাটি দি মুখত পানী দিয়াৰ লগতে ততাতৈয়াকৈ অনা এখন অট' ৰিক্সাত বোকাজান অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে জ্যোতিকাক মৃত ঘোষণা কৰে ৷
পৰৱৰ্তী সময়ত বোকাজান আৰক্ষী চিকিৎসালয়ত উপস্থিত হৈ জ্যোতিকাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণৰ বাবে ব্যৱস্থা কৰে ৷ এটি তিনিবছৰীয়া পুত্ৰ সন্তানৰ মাতৃ জ্যোতিকাই কিয় আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হ'ল সেয়া বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই যদিও জ্যোতিকাৰ আত্মহত্যা কাণ্ডৰ বিষয়ে নগৰবাসীৰ মাজত এতিয়া সৰৱ আলোচনা হোৱা পৰিলক্ষিত হৈছে ৷