
ধিংঃ জাতি,মাটি, ভেটিৰ কথাকৈ ৰাজ্যৰ শাসন ভাৰ দখল কৰা অগপ, বিজেপি আৰু বিপিএফ চৰকাৰে বাস্তৱত এই শ্ল’গানৰ মৰ্য্যদা ৰাখিছেনে৷ নিৰ্বাচনৰ পূৰ্বে এইটো কৰিম সেইটো কৰিম বুলি সাধাৰণ ৰাইজক আভুৱা ভাৰি ভোট লৈছিল এই তিনিটা দলে৷
শাসনত বহিয়েই বিধায়কে চাইকেল চলাই বিধানসভালৈ অহা, সুৰক্ষা কৰ্মী নোলোৱা, ৰঙা লাইট ব্যৱহাৰ নকৰা, যান-জঁটত সাধাৰণ লোকৰ দৰে ৰৈ দিয়া আদি কৰি চমক সৃষ্টি কৰিছিল৷
যদিও লাহে লাহে এই সকলোবোৰ ওলোটা হ'ব ধৰিলে৷ এই তিনিটা দলৰ বিৰুদ্ধে এতিয়া অসন্তুষ্ট ৰাইজ৷ প্ৰতিদিনে বিদ্যুৎস্পৃষ্ট হৈ মানুহ মৰিছে, বানৰ সাহায্য দিয়াত ব্যৰ্থ, আইন শৃংখলাৰ অৱনতি হ'ব ধৰিছে তাৰ পাছতো বিগত কংগ্ৰেছ চৰকাৰখনৰ দৰেই একেটা ভংগীতে নাও বুৰিলেও টিঙৰ পৰা নানামে এই চৰকাৰখন৷
অাচ্ছে দিনৰ পৰিৱৰ্তনৰ সপোন দেখুওৱা চৰকাৰখনৰ স্বাস্থ্য বিভাগৰ অৱহেলাৰ কাৰণে নগাঁও জিলাত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাবলগাত পৰে৷
সাপে কামুৰিলে দিয়া 'এণ্টিভেনাম' স্বাস্থ্য বিভাগত মজুত নথকাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয়৷ নগাঁও জিলাৰ ধিং আঁঠগাঁৱত সাদৰী কলিতা নামৰ এগৰাকী মহিলাক সৰ্পই দংশণ কৰে। মহিলাগৰাকীক ততাতৈয়াকৈ দুখন চিকিৎসালয়লৈ নিয়া হৈছিল যদিও বেজীৰ অভাৱত মহিলাগৰাকীৰ মৃত্যু হয়৷
জানিব পৰা মতে বুধবাৰে নিশা মহিলাগৰাকীয়ে পাকঘৰত ভাত ৰান্ধি আছিল। তেনে সময়তে খৰিৰ প্ৰয়োজন হোৱাত মহিলাগৰাকীয়ে ঘৰৰ পিছফালৰ দমাই থোৱা খৰি আনিবলৈ যাওতেই বিষাক্ত সাপে হাতৰ আঙুলিত দংশন কৰে।
পিছত মহিলা গৰাকীয়ে প্ৰচণ্ড বিষ অনুভৱ কৰাত পৰিয়ালৰ লোকে ধিং এফ আৰ ইউত ভৰ্তি কৰাই যদিও বেজী মজুত নথকাত ততাতৈয়াকৈ নগাঁৱলৈ নিয়া হয়। নগাঁও টাউনৰ চৰকাৰী চিকিৎসালয়তো বেজি মজুত নথকাত মহিলাগৰাকীৰ মৃত্যু হয়। ৰাজ্যৰ স্বাস্থ্য খণ্ডত এনে সৰ্প দংশনৰ ঔষধ এতিয়াও উপলব্ধ নোহোৱা কাৰ্য্যই উদঙাইছে ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটো।
"চৰকাৰী হাস্পতালত সাপে কামুৰিলে দিয়া 'এণ্টিভেনাম' নাথাকে। গতিকে ৰাইজে কৰিব কি? সেয়ে অন্ধবিশ্বাস হ'লেও ৰাইজে এতিয়াও কবিৰাজৰ কাষ চাপিবলগীয়া হয়।"-ক্ষোভেৰে এইদৰে কয় এজন স্থানীয় লোকে।