
দেউপানীঃ কাৰ্বি পাহাৰৰ কিশোৰ-কিশোৰীৰ মাজত সুপ্ত হৈ থকা প্ৰতিভা বিকাশৰ লক্ষ্যৰে শান্তিপুৰ কলাকেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছে চিত্ৰাংকনৰ কৰ্মশালা।
কাৰ্বি আংলংৰ বৰপথাৰ শান্তিপুৰত ২৬ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা এই কৰ্মশালাত অঞ্চলটোৰ কেইবাশ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখা যায়।
চিত্ৰাংকন কৰ্মশালাৰ অন্তত চিত্ৰাংকন প্ৰতিযোগিতা আৰু চিত্ৰ প্ৰদৰ্শনীও অনুষ্ঠিত হ’ব৷ কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট চিত্ৰশিল্পী খৰ্গপানি বৰ্মনে। অনঞ্চটোৰ নৱ প্ৰজন্মৰ সৰবৰহী যুৱক ৰাজকুমাৰ ৰেড্ডী, সৌৰভ দাস, কিশোৰ কুমাৰ পাঠক, তুলন হৰপাল আদি যুৱকৰ প্ৰচেষ্টাত অনুষ্ঠিত হৈছে এই কৰ্মশালা৷